fbpx
অসম

আয়াৰলেণ্ডক ৫ ৰাণত পৰাজয় কৰি মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰত…

মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ।

গ্ৰুপ পৰ্যায়ৰ মেচত DLS পদ্ধতিত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৫ ৰানত জয়ী হৈ টীম ইণ্ডিয়াই প্ৰৱেশ কৰিলে ছেমিফাইনেলত।

প্ৰথমে বেটিং আৰম্ভণিৰে নিৰ্ধাৰিত অভাৰত ৬ উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰিছিল ১৫৫ ৰান।

টীম ইণ্ডিয়াৰ বিজয়ত খেলখনত স্মৃতি মান্ধানাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

অপেনাৰ স্মৃতি মান্ধানাৰ ৮৭ ৰাণৰ সহায়ত ভাৰতে ২০ অভাৰত ৬ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫৫ ৰাণ।

ইয়াৰ প্ৰত্যুত্তৰত আয়াৰলেণ্ডে বেটিং কৰিবলৈ আহি ৮.২ অভাৰত ৫৪ ৰাণ সংগ্ৰহ কৰি থকা অৱস্থাতে বৰষুণৰ বাবে মেচখন স্থগিত ৰাখিবলগীয়া হয়।

পৰৱৰ্তী সময়ত ডি এল এছ পদ্ধতিৰে মেচখনৰ ফলাফল নিৰ্ণয় কৰা হয়। ডি এল এছ পদ্ধতিত ভাৰতীয় দলটো ৫ ৰাণত আগবাঢ়ি থাকে।

শনিবাৰে ইংলেণ্ডৰ হাতত ১১ ৰাণত পৰাস্ত হোৱাৰ পাছত ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰা ইংলেণ্ডৰ পিছতে তিনিখন মেচৰ পৰা ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে ভাৰত।

Related Articles

Back to top button