আম গছৰ ভূতে লম্ভিছে এগৰাকী বিধায়কক! আমৰ কথা ওলালেই হৈ পৰে টিঙিৰি তুলা

নিউজ ডেস্কঃ আম বুলিলেই এতিয়া খং উঠে বিধায়ক অতুল বৰাৰ। তেওঁৰ বিধায়ক আৱাসৰ গছৰ পৰা আম চুৰি কৰা চোৰৰ হৈ বাতৰি প্ৰচাৰ কৰা সাংবাদিকৰ ওপৰতো খং বিধায়কগৰাকীৰ।

দৰাচলতে কিছুদিন আগৰ কথা। আহাৰ মহীয়া আমতিৰ দিনাই দিছপুৰৰ বিধায়ক অতুল বৰাৰ বাস গৃহৰ এজোপা গছৰ পৰা এটা পকা আম পাৰি খাইছিল সুভাষ বৰ্মন নামৰ এজন লোকে। তাৰ পিছতে চোৰ সুভাষক ২৪ ঘণ্টা ধৰি থানাৰ আলহী কৰি ৰাখিছিল বিধায়ক অতুল বৰাই।

image 133
আম গছৰ ভূতে লম্ভিছে এগৰাকী বিধায়কক! আমৰ কথা ওলালেই হৈ পৰে টিঙিৰি তুলা 3

কিন্তু সংবাদ মাধ্যমত সেই আম চুৰি কাণ্ডক লৈ বাতৰি প্ৰচাৰ হোৱাত বাৰুকৈয়ে সমালোচিত হৈছিল বিধায়কগৰাকী। মাত্ৰ এটা আম চুৰি কৰাৰ অপৰাধতে এজন ব্যক্তিত আৰক্ষী লগাই কৰায়ত্ব কৰা অতুল বৰাৰ মানসিকতাক ধিক্কাৰ দিছিল সকলোৱে। তাৰ পিছতে উপায়ন্তৰ হৈ তেওঁ আৰক্ষীৰ নিৰ্দেশ দিছিল সুভাষ বৰ্মনক এৰি দিবলৈ।

কিন্তু এটা আমক লৈ এনেদৰে সকলোৰে ককৰ্থনা শুনিবলগীয়া হোৱা বিধায়ক অতুল বৰাই যেন পাহৰিব পৰা নাই সেই ঘটনা। সেইবাবেই সুযোগ পালেই তেওঁ আম চুৰিৰ প্ৰসংগ উত্থাপন কৰি ক্ষোভ উজাৰে। লগতে সেই সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰা সংবাদ মাধ্যমৰ ওপৰতো আক্ষেপ ব্যক্ত কৰে বিধায়কগৰাকীয়ে।

image 132
আম গছৰ ভূতে লম্ভিছে এগৰাকী বিধায়কক! আমৰ কথা ওলালেই হৈ পৰে টিঙিৰি তুলা 4

দুটাকৈ কাৰ্যকালৰ বিধায়ক হৈও মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱা অতুল বৰাৰ মুখত পুনৰ শুনা গ’ল আম চুৰিৰ প্ৰসংগ। এক অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত মঞ্চৰ ওপৰৰ পৰাই এজন চোৰৰ পক্ষ লোৱা সংবাদ মাধ্যমক সমালোচনা কৰিলে বিধায়কগৰাকীয়ে। এজন চোৰৰ হৈ বাতৰি পৰিৱেশন কৰা সাংবাদিকসকলক নিকৃষ্ট বুলিও অভিহিত কৰিলে তেওঁ।

ইয়াৰ পিছতে যেতিয়া মঞ্চৰ তলত সাংবাদিকৰে মুখামুখি হয়, তেতিয়া আকৌ মুখৰ কথাই সলনি হৈ পৰে বিধায়কগৰাকীৰ। এটা নিৰ্দিষ্ট বৈদ্যুতিন মাধ্যমক উদ্দেশ্যিহে তেওঁ সেই কথা কোৱা বুলি নিজেই ওলটখৰ মাৰে।

আনহাতে তেওঁৰ ১০-১২ লেছা মাটিৰ আমগছ জোপাক সংবাদ মাধ্যমে দিল্লীৰ মোগল গাৰ্ডেনৰ আম গছজোপালৈ ৰূপান্তৰ কৰা বুলি মন্তব্য কৰি অতুল বৰাই কয় যে চোৰক উচতাই সংবাদ মাধ্যমে জোলহে খাব বিচাৰিছে।

বিধায়কগৰাকীৰ এনে মন্তব্যই পুনৰ এবাৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া।

ইফালে অনুষ্ঠানৰ মঞ্চত ভাষণ দিয়াৰ সময়ত ‘ময়েই আৰক্ষী, ময়েই আদালত’ বুলি মন্তব্য কৰা অতুল বৰাৰ সেই মন্তব্যইও এতিয়া সৃষ্টি কৰিছে অন্য এক প্ৰতিক্ৰিয়াৰ। বিজেপিৰ জ্যেষ্ঠ নেতা হৈও মন্ত্ৰিত্বৰ পৰা বাৰাম্বাৰ বঞ্চিত হোৱাৰ দুখতে বিধায়কগৰাকীয়ে যিহকে তিহকে বলকিবলৈ আৰম্ভ কৰিছে বুলিও তেওঁক এতিয়া একাংশই সমালোচনা কৰিছে।