‘আমি কেতিয়া শিকিম…!’ কাজিৰঙাত দ্ৰুতবেগী ট্ৰাকে গঁড়ক খুন্দা মৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰি ক্ষোভ উজাৰিলে অভিনেত্ৰী ৰবীনা টাণ্ডনে…

নিউজ ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাইপথত বিশ্বপ্ৰসিদ্ধ এটা এশিঙীয়া গঁড়ক এখন দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই যোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশুপ্ৰেমী সকলে।

কাজিৰঙাত ট্ৰাকে গঁড়টোক খুন্দিয়াই থৈ যোৱাৰ ঘটনাক লৈ ক্ষোভ ব্যক্ত কৰিছে বলীউডৰ অভিনেত্ৰী ৰবীনা টাণ্ডনেও।

টুইটাৰত এটা ভিডিঅ’ ৰি-টুইট কৰি তেওঁ লিখিছে, “আমি অৰণ্যৰ মাজেৰে যোৱা ৰাস্তা আৰু ঘাইপথবোৰ কিয় বেৰ দিব নোৱাৰো? আণ্ডাৰ/অভাৰপাছৰ আৱশ্যক! আমি কেতিয়া শিকিম আৰু কাম কৰিম!”

কেৱল ৰবীনাই নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই ঘটনাক গৰিহণা দি কয় যে বন্যপ্ৰাণীৰ প্ৰতি সমৰ্পিত স্থানত কোনো উলংঘন নহ’ব।

উল্লেখ্য যে, দেওবাৰে কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী্‌ ট্ৰাকে খুন্দা মাৰে পথ পাৰ হ’বলৈ চেষ্টা কৰা এটা গঁড়ক।

ট্ৰাকৰ খুন্দাত গঁড়টো বাগৰি পৰে। পিছ মুহূৰ্তত পুনৰ থিয় হয় যদিও দুৰ্ঘটনাৰ ফলত যেন খোজ কঢ়াৰ শক্তি হেৰুৱায় পেলাইছিল গঁড়টোৱে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি জৰিমণা বিহিছে। আঘাতপ্ৰাপ্ত গঁড়টোৰ সন্ধানৰ বাবে হাতীৰে অভিযান চলাই আছে বন বিভাগে।