আমাৰ জিম্মাত আছে ৰিতুল শইকীয়াঃ পৰেশ বৰুৱা

May 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য স্বীকাৰ কৰি অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া আলফা (স্বাধীন)ৰ জিম্মাত থকাৰ কথা স্বীকাৰ কৰিলে পৰেশ বৰুৱাই।

উল্লেখ্য যে দুদিন পূৰ্বে ডিগৈবৰ টিংৰাইত উপস্থিত হৈ গ্ৰেনেড বিস্ফােৰণ স্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ৰিতুল শইকীয়া আলফা (স্বাধীন)ৰ জিম্মাত সুস্থ অৱস্থাত থকা বুলি প্ৰকাশ কৰিছিল।

অৱশ্যে এই পৰ্যন্ত আলফা (স্বা)এ ৰিতুলক ভাৰতীয় সেনাই লুকুৱাই ৰখা বুলিহে অভিযােগ কৰি আহিছিল।

মংগলবাৰে অসমৰ কেবাটাও চেটেলাইট চেনেললৈ ফােন কৰি পৰেশ বৰুৱাই ৰিতুলৰ প্ৰকৃত অৱস্থান সন্দৰ্ভত তথ্য জনায়।

এই বিষয়ে টুইট কৰি পৰেশ বৰুৱাই কােৱা কথাৰ বিষয়ে প্ৰকাশ কৰে সাংবাদিক অতনু ভূঞাই।

উল্লেখ্য যে মংগলবােৰ যােৰহাটৰ তিতাবৰ স্থিত ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে ৰিতুল শইকীয়াক উদ্ধাৰৰ বাবে অসম চৰকাৰে যৎপৰােনাস্তি প্ৰচেষ্টা হাতত লােৱা বুলি পৰিয়ালৰ লােকক অৱগত কৰে।