Skip to toolbar
Mon. Sep 21st, 2020

বহু প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ গৰ্ভত অংকুৰিত হ’ল নতুন আঞ্চিলক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’।

নতুন দলটোক লৈ ইতিমধ্যে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

এইবাৰ নতুন দলটোক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে কয়- ‘ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ । এইখন দেশত বিভিন্ন সময়ত বিভিন্ন দল গঠন হ’ব পাৰে। কিন্তু চূড়ান্ত সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰিব।অসমৰ ৰাইজ বিজেপিৰ সৈতে আছে।’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘সকলোৱে আমাৰ ওপৰত বিশ্বাস ৰাখক। আমি অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰাখিম। অসমীয়া ৰাইজে সদায় বিজেপিক সহায় কৰি আহিছে। অসমৰ ৰাইজ সদায় বিজেপিৰ সৈতে থাকিব।’