আমাক নজনোৱাকৈ সিদ্ধান্ত ল’ব পৰা ক্ষমতা মন্ত্ৰী অশোক সিংঘালে ক’ৰ পৰা পালেঃ বিধায়ক অতুল বৰা

পৌৰ কৰক লৈ গৃহযুদ্ধ আৰম্ভ হৈছে বিজেপি চৰকাৰৰ ভিতৰচৰাত।
এইবাৰ মন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে স্বয়ং নিজ দলৰে বিধায়ক।
গুৱাহাটী পৌৰ নিগমৰ কাম কাজৰ ওপৰত এতিয়া যেন ভৰষা নাই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ।
যাৰ বাবে পৌৰ নিগমৰ এলেকাধীন বাসিন্দাৰ সম্পত্তি কৰ কাটল আদায় কৰাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পন কৰাৰ চিন্তা-চৰ্চা আৰম্ভ হৈছে।
গুৱাহাটী বাসীয়ে দিব লগা কৰ এই ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ইয়াৰ বাবে তেনে প্ৰতিষ্ঠানৰ পৰা নিবিদাও আহ্বান কৰা হৈছে।
গুৱাহাটীৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালৰ যুক্তি-গুৱাহাটীত হেনো বাস কৰা ৪০ শতাংশ লোকেই সম্পত্তি কৰ আদায় নিদিয়ে।
কিন্তু এই পদক্ষেপক শাসকীয় দলৰ গুৱাহাটীৰ পৌৰ নিগমৰ এলেকাধীন সমষ্টিৰ একাধিক বিধায়কে কৰিছে তীব্ৰ বিৰোধিতা।
এই সন্দৰ্ভত প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰী অশোক সিংঘালৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ পিছতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।
মন্ত্ৰী অশোক সিংঘালক তীব্ৰ সমালোচনা কৰি বিধায়ক বৰাই কয়- অশোক সিংঘাল ইমানো ক্ষমতাশালী মন্ত্ৰী নহয়। আমাক নজনোৱাকৈ সিদ্ধান্ত ল’ব পৰা ক্ষমতা অশোক সিংঘালে ক’ৰ পৰা পালে?
তেওঁ কয়- মহানগৰীত যি কাম হ’ব লাগে, সেই কাম গুৱাহাটী পৌৰ নিগমে কৰিব। ইয়াৰ বেছি হস্তক্ষেপ চৰকাৰে কৰিব নালাগে। পাৰিষদসকল জয়ী হোৱাৰ পিছত তেওঁলোকৰ অস্তিত্ব নোহোৱা কৰিলে কিয়? এইয়া এক ভুল কাম কৰিব ওলাইছে। মই কেতিয়াও সমৰ্থন নকৰোঁ।
লগতে বহিৰাগত লোকক ইমান ঘনাই ঘনাই প্ৰতিটো কথাতে আমন্ত্ৰণ কৰি থকা কি যুক্তি আছে। যদি কৰ সংগ্ৰহ কৰা ব্যৱস্থাটো সঠিক নহয়, তেন্তে তাক সংস্কাৰ কৰক। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, পাৰিষদ সকলে কাম কৰিব পোৱাই নাই। তাৰ আগতেই তেওঁলোকৰ ক্ষমতা কৰ্তন কৰা হৈছে।- বিধায়ক অতুল বৰা।
আনহাতে অসমৰ তুলনা আন ৰাজ্যৰ লগত নহয় বুলি মন্তব্য কৰি বিধায়ক বৰাই কয়- কোনোবা বেলেগ ৰাজ্যই কি কৰিছে আমাৰ কি দৰকাৰ, অসমৰ বানপানী, গড়াখহনীয়া সমস্যা আছে, চুবুৰীয়া ৰাজ্য সমূহে সীমা ঠেলিছে অসমৰ। বেলেগ ৰাজ্যত এইবোৰ সমস্যা নাই।
তেওঁ কয়- অশোক সিংঘাল ঢেকীয়াজুলীৰ বিধায়ক, মই দিছপুৰ সমষ্টিৰ বিধায়ক। মহানগৰীৰ বিধায়কে নাজানে যদি ঢেকীয়াজুলীৰ বিধায়কে কেনেকৈ জানিব। আমাৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন নাছিল নেকি? আমাক নজনোৱাকৈ ল’ব পৰা ক্ষমতা অশোক সিংঘালে কেনেকৈ পালে ক’ৰ পৰা পালে। সেইটো মোক লাগে। অশোক সিংঘাল ইমানো ক্ষমতাশালী মন্ত্ৰী নহয়।