অসমীয়াঅসম

আব্দুল খালেকৰ দৰে ক’লা-চাপৰ মানুহ মোগল হ’বই নোৱাৰেঃ বদৰুদ্দিন আজমল

নিউজ ডেস্কঃ আব্দুল খালেকৰ দৰে ক’লা-চাপৰ মানুহ মোগল হ’বই নোৱাৰে। -এই মন্তব্য এইআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ।

ৰাজ্যত নতুনকৈ আৰম্ভ হোৱা মোগল বিতৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে সৰৱ হৈ পৰে আজমল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিন কাষ চাপিছে বাবেই এতিয়া আব্দুল খালেকে হকে-বিহকে কথা ক’বলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰি আজমলে কয় যে খালেকে বৰপেটা সমষ্টিবাসীৰ বাবে একো কৰা নাই।

আনহাতে মোগলৰ সমৰ্থনত খালেকে কৰা মন্তব্য প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বদৰুদ্দিন আজমলে কয়, ‘আব্দুল খালেকৰ দৰে ক’লা আৰু চাপৰ মানুহ মোগল হ’বই নোৱাৰে। মোগল সকল ৰঙা-বগা আৰু ওখ আছিল।’

উল্লেখ্য যে, কংগ্ৰেছ সাংসদ আব্দুল খালেকে শেহতীয়াকৈ মোগল প্ৰসংগত কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মোগলৰ প্ৰথমবাৰ ভাৰতক হিন্দুস্তান নাম দিছিল মন্তব্য কৰি খালেকে দাবী কৰিছিল যে যি লালকিল্লাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেক বছৰে ত্ৰিৰংগা উত্তোলন কৰি গৌৰৱবোধ কৰে, সেই লালকিল্লাও মোগলেই নিৰ্মাণ কৰিছিল।

Related Articles

Back to top button