আব্দুল খালেকহঁত অনুপ্ৰৱেশকাৰী, মোগলেতো সদায় মোগলৰ কথাকেই ক’বঃ জয়ন্ত মল্ল বৰুৱা…

মোগলৰ প্ৰসংশাত পঞ্চমুখ হোৱা সাংসদ আব্দুল খালেকক তুলাধুনা দিলে এইবাৰ জয়ন্ত মল্ল বৰুৱাই।
মোগল প্ৰসংগক লৈ ৰাজ্যজুৰি বিভিন্নজনে মন্তব্য কৰি থকাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই।
তেওঁ কয়- ‘আব্দুল খালেকহঁত অনুপ্ৰৱেশকাৰী, বাহিৰৰ পৰা আহি অনুপ্ৰৱেশ কৰা মানুহ। মোগলেতো সদায় মোগলৰ কথাকেই ক’ব। তেওঁলোকে বাহিৰৰ পৰা আহি দখলদাৰী চলালে, এতিয়া সেইটোকে স্থাপন কৰিব বিছাৰিছে।’
তেওঁ লগতে কয়- ‘যিসকলে অসমৰ ইতিহাস নাজানে তেওঁলোকেহে এইবিলাক কথা ক’ব। অসমবাসী, ভাৰতবাসীৰ দুৰ্ভাগ্য যে আমি মোগল আৰু ইংৰাজৰ বুৰঞ্জী পঢ়িবলগা হৈছে। এইবোৰ আমাৰ বুৰঞ্জী নহয়। কালিকা পুৰাণ, বেদ, উপনিষদ আদিহে আমাৰ বুৰঞ্জী। এইবোৰ বুৰঞ্জীহে পঢ়িব লাগে।’
তেওঁ কয়- অসমৰ বুৰঞ্জী বিকৃত কৰা মানুহক অসমবাসীয়ে শত্ৰু জ্ঞান কৰিব লাগে। এনে অনুপ্ৰৱেশকাৰী দলক অসমৰ পৰা নিচিহ্ন কৰিব লাগিব। সেয়া লাগিলে কংগ্ৰেছে হওক বা এই আই ইউ ডি এফ হওক।