আবেদনৰ অন্তিম তাৰিখ ১੦ জানুৱাৰী, মুকলি হ’ল মিছন বসুন্ধৰা ২.੦

হনী ঝাঁঝৰী। ৰাজ্যবাসীৰ বাবে সুখবৰ!

ভূমি-সংক্ৰান্তীয় কাম-কাজ সহজ কৰি তােলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানিত মুকলি কৰে এই আঁচনি।

Web Banner Assamese
আবেদনৰ অন্তিম তাৰিখ ১੦ জানুৱাৰী, মুকলি হ’ল মিছন বসুন্ধৰা ২.੦ 4

এই সুবিধাৰ জৰিয়তে ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে যিকােনাে লােকে নিৰ্ধাৰিত সেৱাসমূহৰ বাবে আবেদন জনাব পাৰিব।

নতুন সেৱাসমূহ হৈছেঃ

• সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন।

• দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান।

• হস্তান্তৰিত একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন।

basundhara
আবেদনৰ অন্তিম তাৰিখ ১੦ জানুৱাৰী, মুকলি হ’ল মিছন বসুন্ধৰা ২.੦ 5

• গাৱঁলীয়া চৰণীয়া পথাৰ/ বৃত্তিগত চৰণীয়া পথাৰত পূর্বে আবণ্টিত/ সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন।

• খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন।

• জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্রমে ভোগদখল কৰি থকা ভূমিৰ পট্টন।

• ভূমিৰ হস্তান্তৰৰ অনুমতিৰ সৈতে স্বয়ংক্রিয় নামজাৰি সেৱা।

• অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ।

• ডিজিটেল ষ্টেম্পিং সেৱা

330077
আবেদনৰ অন্তিম তাৰিখ ১੦ জানুৱাৰী, মুকলি হ’ল মিছন বসুন্ধৰা ২.੦ 6

সেৱাসমূহ পাবৰ বাবে লগ-ইন কৰক www.rtps.assam.gov.in নাইবা

আপোনাৰ নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ যাওক।

উল্লেখ্য যে ২ অক্টােবৰ ২੦২১ চনত মুকলি কৰা মিছন বসুন্ধৰা ১.੦ ৰ জৰিয়তে ৰাজ্যৰ ৭ লক্ষাধিক লােকে নিজৰ মাটি-বাৰী সংক্ৰান্তত কাম-কাজ সম্পাদন কৰিবলৈ সক্ষম হৈছিল।