আবকাৰী বিভাগে অভিযানত উত্‍খাত ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা, এজনক গ্ৰেপ্তাৰ…

ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান।

বৰপেটাত হাউলীৰ জলজলিত উত্‍খাত ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা।

লগতে ভেজাল সুৰা প্ৰস্তুত কৰা চন্দ্ৰ শীলক গ্ৰেপ্তাৰ কৰা হৈছে।

গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত মঙলবাৰে পুৱা বৰপেটাৰ আবকাৰী বিভাগে অভিযান চলায় এই অবৈধ সুৰা কাৰখানাত।

বৰপেটাৰ আবকাৰী পৰিদৰ্শক সৌৰভ প্ৰাণ শৰ্মা আৰু সহকাৰী আবকাৰী পৰিদৰ্শক প্ৰশান্ত পাঠকৰ নেতৃত্বত আবকাৰীৰ এটা দলে পুৱা ৫ বজাৰ পৰা অভিযান চলাই উৎখাত কৰে কৰাখানাটো।

বৃহৎ আকাৰৰ ড্ৰামত বৰষুণৰ পানী জমা কৰি সেই পানীত স্পিৰিট মিহলি কৰি প্ৰস্তুত কৰা হৈছিল ভেজাল সুৰা৷

বিভিন্ন বিলাতী সুৰাৰ খালী বটল, লেবেল, সাঁফৰ, আদিও জব্দ কৰে আবকাৰী বিভাগৰ দলটোৱে৷

আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় নকল সুৰা প্ৰস্তুত কৰা ব্যৱসায়ী চন্দ্ৰ শীলক ৷