fbpx
অসমীয়াৰাষ্ট্ৰীয়

আন এক কৰুণ মৃত্যু! বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত নাচি নাচিয়েই মৃত্যুৰ কোলাত শুই পৰিল এজন ১৯ বৰ্ষীয় যুৱক, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ আন এক দুখজনক মৃত্যু।

নাচি নাচিয়েই মৃত্যুৰ কোলাত ঢলি পৰিল আন এজন চফল যুৱক।

এইবাৰ তেলেংগানাৰ কুভীৰ মণ্ডলৰ পাৰদি (কে) গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা।

বন্ধুৰ বিয়াৰ উল্লাসৰ মাজতে ১৯ বৰ্ষীয় যুৱকজনলৈ নামি আহে এই কাল অমানিশা।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ শিৱুনি গাঁৱৰ নিৱাসী ১৯ বৰ্ষীয় মুথিয়াম নামৰ যুৱকজনে পাৰদি (কে) গাঁৱলৈ বন্ধুৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত অংশ ল’বলৈ আহিছিল।

বিয়াৰ অনুষ্ঠানত যুৱকজনে গীতৰ তালে তালে নাচি থকাৰ সময়তে হঠাৎ মাটিত ঢলি পৰে।

লগে লগে যুৱকজনক ভাইছাৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও হৃদক্ৰিয়া বন্ধ হৈ যুৱকজনৰ মৃত্যু ঘটা বুলি জনায় চিকিৎসকে।

যুৱকজনৰ মৃত্যুৰ এই কৰুণ দৃশ্য বন্দী হ’ল কেমেৰাত। যি ভিডিঅ’ই সামাজিক মাধ্যমতো দুখৰ ধুমুহা নমাইছে।

Related Articles

Back to top button