আন আন সাম্ৰাজ্যৰ কথা বাদ দি কেৱল মোগলকহে গুৰুত্ব দিছিল ইতিহাসবিদ সকলেঃ অমিত শ্বাহ

নিউজ ডেস্ক। ইতিহাস বিকৃত কৰি নিজৰ ধৰণে তাক উপস্থাপন কৰা আজিৰ ৰাজনীতিকৰ এক আঘোষিত ধৰ্ম বুলি কলেও হয়তো ভুল কোৱা নহয়।

তাৰ মাজতে এইবাৰ ভাৰতৰ ইতিহাস আৰু সেয়া ৰচনা কৰা ইতিহাসবিদক লৈ অসন্তুষ্ট হৈ পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

G1 11
আন আন সাম্ৰাজ্যৰ কথা বাদ দি কেৱল মোগলকহে গুৰুত্ব দিছিল ইতিহাসবিদ সকলেঃ অমিত শ্বাহ 2

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ইতিহাসবিদ সকলক সমালোচনা কৰি দাবী কৰে যে ভাৰতত অনেক সাম্ৰাজ্য স্থাপন হৈছিল যদিও ইতিহাসবিদ সকলে কেৱল মোগলকহে প্ৰাধান্য দি আহিছে আৰু তেওঁলোকৰ বিষয়েই ইতিহাস ৰচনা কৰি আহিছে।

মৌৰ্য, গুপ্ত বা পাণ্ডিয়াসকলক কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই বুলিও অভিযোগ কৰে অমিত শ্বাহে।

দিল্লীৰ এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি অমিত শ্বাহে কয় যে বুৰঞ্জীবিদ সকলে সবাতোকৈ অধিক গুৰুত্ব দি আহিছিল মোগলক।

আৰু সেইবাবে তেওঁলোকে মোগলৰ বিষয়েহে লিখিছিল। কিন্তু দৰাচলতে ভাৰতত পাণ্ডিয়াসকলে প্ৰায় ৮০০ বছৰ ধৰি শাসন কৰিছিল।

নিজৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে অসমৰ আহোম সাম্ৰাজ্যৰ কথা উল্লেখ কৰি কয় যে আহোম সকলে অসমত প্ৰায় ৬৫০ বছৰ ৰাজত্ব কৰিছিল। তেওঁলোকে বখতিয়াৰ খিলজী আৰু ঔৰংগজেৱক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

সেইদৰে পল্লৱ আৰু চোল সাম্ৰাজ্যৰ ৰাজত্ব আছিল প্ৰায় ৬০০ বছৰ। মৌৰ্যসকলে আফগানিস্তানৰ পৰা লংকালৈ শাসন কৰিছিল। গুপ্তসকলে চাৰিশ বছৰ শাসন কৰিছিল। সমুদ্ৰগুপ্তই ‘অখণ্ড ভাৰত’ নিৰ্মাণৰ প্ৰথম প্ৰয়াস কৰিছিল। কিন্তু তেওঁলোকৰ বিষয়ে কোনো কিতাপ নাই বুলি আক্ষেপ ব্যক্ত কৰে অমিত শ্বাহে।

মহাৰণঃ ধৰ্ম যুদ্ধৰ হাজাৰ বছৰ’ শীৰ্ষক কিতাপখনৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি শ্বাহে কয়, “দেশৰ সংস্কৃতি, ভাষা আৰু ধৰ্ম ৰক্ষাৰ বাবে হাজাৰ হাজাৰ বছৰৰ সংগ্ৰাম অথলে যোৱা নাই। ভাৰতে বিশ্বৰ সন্মুখত আজি গৌৰবেৰে তুলি ধৰিছে। যেতিয়া স্বতন্ত্ৰ বুৰঞ্জীবিদসকলে ইতিহাস লিখে, তথ্য সন্মুখলৈ আহে। গতিকে মই ভাবো সত্যক আলোকপাত কৰিবলৈ তথ্যৰ ইতিহাসৰ বিষয়ে এখন কিতাপ গ্ৰন্থ লিখাৰ প্ৰয়োজন আছে।”

তাৎপৰ্যপূৰ্ণভাৱে, বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মা আৰু নবীন জিন্দালে শেহতীয়াকৈ হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। যাৰ ফলত এতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত লজ্জানত হবলগীয়া হৈছে ভাৰত। কিন্তু ইয়াৰ পিছতো বিজেপি চৰকাৰে পৰোক্ষভাৱে নেতা দুগৰাকীৰ মন্তব্যৰ সমৰ্থন জনোৱাহে পৰিলক্ষিত হৈ আহিছে।