আন্দোলনৰ বাবে মোৰ জীৱন উছৰ্গা কৰিছো, লাগিলে বিধায়ক পদ ত্যাগ কৰিমঃ অখিল গগৈ…

কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

আদালতত উপস্থিত হোৱা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, ‘‘মোৰ বিৰুদ্ধে ১৩৫টা গোচৰ আছে। লোহিয়াৰ ভূমি দখলৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলো। আৰু সেইবাবেই মোৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰুজু কৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিতেই আজি উপস্থিত হৈছিলো আদালতত। কালি দুটা গোচৰৰ শুনানি হল, আজি চাৰিটা গোচৰৰ শুনানি হৈছে।’

সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত গগৈয়ে বিভিন্নজনে আন্দোলন কৰি বিধায়ক হোৱা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ।

তেওঁ কয়, মোৰ জীৱনটো আন্দলনৰ বাবেই উছৰ্গা কৰিছো। আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু আছো।

আনহাতে ‘কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়, ‘‘জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই ‘কা’ আন্দোলন স্তিমিত হৈছিল। ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ’লগৈ। আন্দোলনৰ নামত নাচ–গান হ’ল। এটা কথা খুব শুনিব পাই আছো যে মই আন্দোলন কৰিহে বিধায়ক হ’লো। মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো। আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু মই।

উল্লেখ্য যে কামৰূপ সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত উপস্থিত হোৱা অখিল গগৈৰ বিৰুদ্ধে বিগত ৭ টা বছৰত ৰুজু হৈছিল এই গোচৰসমূহ।

বিগত ৭ বছৰে এই গোচৰসমূহ চলি আছে। এই প্ৰসংগতে তেওঁ সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত উপস্থিত হৈছে।

Leave a Comment