আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে টেজ ৰীতা তাখেয়ে

নিউজ ডেস্ক। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে অৰুণাচল প্ৰদেশৰ জিৰ’ৰ গ্ৰীণ ভেলীৰ কৃষি অভিযন্তা টেজ ৰীতা তাখেয়ে।

নাৰী দিৱসৰ মূহুৰ্তত মঙলবাৰে তাখেক ‘নাৰী শক্তি পুৰস্কাৰ’ৰে পুৰস্কৃত কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ পৰা এই বঁটা গ্ৰহণ কৰে টেজ ৰীতা তাখেয়ে।

E7cBusTVUAAoG58
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে টেজ ৰীতা তাখেয়ে 5

উল্লেখ্য যে, ‘নাৰা আবা’ ব্ৰেণ্ডৰ নামেৰে ভাৰতৰ প্ৰথম বিশুদ্ধ আৰু জৈৱিকভাৱে কিৱি ৱাইন প্ৰস্তত কৰা টেজ ৰীতা তাখেক ২০১৮ চনত ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া বঁটাৰেও সন্মানিত কৰা হৈছিল।

জিৰ’ ভেলীৰ হং গাঁৱৰ এগৰাকী কৃষকৰ কন্যা ৰীতা তাখেয়ে গ্ৰাম্য নিৰ্মাণ বিভাগত এগৰাকী অভিযন্তা হিচাপে কাম কৰি থকাৰ সময়তে জৈৱিক সুৰা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল।

FNT6xXeakAIyVoY
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে টেজ ৰীতা তাখেয়ে 6

আনহাতে ২০১৫ চনত ৰাজ্যিক সুৰা নীতি প্ৰৱৰ্তন হোৱাৰ পিছতে চৰকাৰে সুৰা নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় উদ্যোগীসকলক সমৰ্থন আগবঢ়ায়। তেতিয়াই ৰীতা তাখেয়েও দীৰ্ঘদিনৰ পৰা দেখি অহা সপোন সাৰ্থক কৰাৰ সুযোগ লাভ কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এবাৰ ৰীতা তাখেয়ে কৈছিল, “মোৰ স্বামীয়ে প্ৰকৃততে এটা ৱাইনৰী আৰম্ভ কৰিব বিচাৰিছিল। তেওঁ ৱাইন ভাল পায়। তেৱেঁই মোক ৱাইনৰ বিষয়ে শিক্ষা প্ৰদান কৰে। প্ৰথমৱস্থাত মই যথেষ্ট শংকিত হৈছিল। কাৰণ চৰকাৰী চাকৰিয়ে মোক আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ লগতে সেই সময়ত মোৰ চাৰিটাকৈ ল’ৰা-ছোৱালীৰ চোৱা-চিতাৰ দায়িত্বই মই ল’বলগীয়া হৈছিল। এনে পৰিপ্ৰেক্ষিতত ব্যৱসায় আৰম্ভ কৰাৰ বাবে মই অনিশ্চয়তাত ভুগিছিলো।’’

E7cBv11VEAQh56g
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে টেজ ৰীতা তাখেয়ে 7

প্ৰায় দুটা বছৰ এই বিষয়ে বিচাৰ-বিবেচনা কৰাৰ অন্তত অৱশেষত ৰীতা তাখেয়ে স্বামীৰ সহিতে ২০১৬ চনৰ ১ জানুৱাৰীত নিজাকৈ ৱাইনৰী আৰম্ভ কৰে।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত কিৱি ফলৰ খেতি যথেষ্ট পৰিমাণে হয় যদিও ক্ৰেতাৰ অভাৱৰ বাবে খেতিয়কে এই ফলৰ খেতি কৰিব নিবিচাৰে। তেনে সময়তে ৰীতা তাখে আৰু তেওঁৰ স্বামীয়ে কিৱি ৱাইন প্ৰস্তুতৰ আৰম্ভণি ঘটোৱাত লাহে লাহে ৰাজ্যখনত কিৱি ফলৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে আৰু খেতিৰ প্ৰতি কৃষকসকলো আগ্ৰহী হয়।

ৰীতা তাখেৰ ‘নাৰা আবা’ ব্ৰেণ্ড এতিয়া কেৱল অৰুণাচল প্ৰদেশতে নহয়, সমগ্ৰ ভাৰততে জনপ্ৰিয় পৰিছে। এই উদ্যেগৰ সৈতে এতিয়া জড়িত হৈ পৰিছে শতাধিক লোক। বিশেষকৈ আৰ্থিক সমস্যাৰ বাবে শিক্ষা এৰিবলগা হোৱা যুৱক-যুৱতীসকল ৰীতা তাখেয়ে ৱাইন নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰে সংস্থাপনৰ বাট দেখুৱাই আহিছে।

E8NE3VLVEAEfXDg
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে টেজ ৰীতা তাখেয়ে 8

এনে এগৰাকী উদ্যোগী মহিলাক এইবাৰ নাৰী দিৱসৰ দিনাই সন্মানিত কৰিলে চৰকাৰে। নীতি আয়োগৰ দ্বাৰা অনুষ্ঠিত অনুষ্ঠানত টেজ ৰীতা তাখেক নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

এক চৰকাৰী বিবৃতি অনুসৰি, সপোন পূৰণৰ পথত বয়স, ভৌগোলিক বাধা বা অভাৱক নেওচি আগবাঢ়ি অহা অদম্য মনৰ ২৯ গৰাকী মহিলাক আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ ক্ষণত নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰা হয়। এই সন্মান সামাজিক বৈষম্য আঁতৰাই সমাজৰ উন্নতিত মহিলাসকলক সমান অংশীদাৰ হিচাপে স্বীকৃতি দিয়াৰ এক প্ৰয়াস।

Leave a Comment