আনন্দ মিশ্ৰক গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠাব লাগেঃ শ্বেৰমান আলী…

অসম আৰক্ষীৰ শেহতীয়া এনকাউণ্টাৰক লৈ সৰৱ হৈ পৰিছে বিধায়ক শ্বেৰমান আলী।

নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বেৰমান আলীয়ে।

শ্বেৰমান আলীয়ে কয়- অসমৰ ৯৯ শতাংশ এনকাউণ্টাৰে ভুৱা। আনন্দ মিশ্ৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জে’ললৈ পঠাব লাগে। বহু নিৰপৰাধী লোকৰ এনকাউণ্টাৰৰ বাবে দায়ী আনন্দ মিশ্ৰ। কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰে অসমত শেষ ঘটনা হওক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শ্বেৰমান আলীৰ আহ্বান – ‘আপুনি ইতিহাসত কলংক ৰাখি থৈ নাযাব। ইতিহাসৰ কলংকিত নায়ক নহ’ব। কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰেই যাতে শেষ এনকাউণ্টাৰ হয়। আপোনাৰ পুলিচ বাহিনীক নিয়ন্ত্ৰণ কৰক। ভৱিষ্যতে আৰক্ষীয়ে যাতে অসমৰ তেজাল ডেকাক এনকাউণ্টাৰ বা হত্যা কৰাৰ সুযোগ নাপায়।’

Leave a Comment