আনতকৈ পৃথক তেওঁ! ডাম্পাৰত উঠি বান পৰিস্থিতিৰ বুজ ল’লে এগৰাকী জিলা উপায়ুক্তই

নিউজ ডেস্কঃ তেওঁ আনতকৈ বহু ক্ষেত্ৰত ব্যতিক্ৰম। এগৰাকী প্ৰশাসনিক বিষয়া হৈও তেওঁ সাধাৰণ। সেইবাবেই দিনে দিনে বৃদ্ধি পাইছে তেওঁৰ জনপ্ৰিয়তা। সংবাদ মাধ্যম, সামাজিক মাধ্যমতো তেওঁক লৈ প্ৰতিদিনে চলিছে চৰ্চা।

তেঁৱেই হৈছে কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলী। এগৰাকী আইএএছ বিষয়া হৈও অতি সাধাৰণভাৱে থাকি জিলাবাসীৰ সুখ-দুখৰ অহৰহ খবৰ ৰখা কীৰ্তি জলী পুনৰ এবাৰ চৰ্চালৈ আহিছে তেওঁৰ অভূতপূৰ্ব কৰ্মৰাজীৰে।

photo1656221348
আনতকৈ পৃথক তেওঁ! ডাম্পাৰত উঠি বান পৰিস্থিতিৰ বুজ ল’লে এগৰাকী জিলা উপায়ুক্তই 4

বানত ডুবি আছে সমগ্ৰ শিলচৰ। এতিয়াও বহু এলেকাত বিচ্ছিন্ন হৈ আছে যোগাযোগ ব্যৱস্থা। জিলাখনৰ এনে দুৰ্বিসহ দিনত বন্যাৰ্তৰ কাষত অনবৰতে থিয় হৈ আছে উপায়ুক্ত কীৰ্তি জলীয়ে। সকলো সম্ভৱ প্ৰকাৰে তেওঁ বানাক্ৰান্ত সকলক সহায়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

photo1656221348 1
আনতকৈ পৃথক তেওঁ! ডাম্পাৰত উঠি বান পৰিস্থিতিৰ বুজ ল’লে এগৰাকী জিলা উপায়ুক্তই 5

শেহতীয়াকৈ ডাম্পাৰত উঠি উপায়ুক্ত কীৰ্তি জলীয়ে পৰিদৰ্শন কৰিলে শিলচৰৰ বান পৰিস্থিতি। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে উপায়ুক্তগৰাকীয়ে এই বান পৰিদৰ্শনৰ দৃশ্য।

photo1656221348 2
আনতকৈ পৃথক তেওঁ! ডাম্পাৰত উঠি বান পৰিস্থিতিৰ বুজ ল’লে এগৰাকী জিলা উপায়ুক্তই 6

উপায়ুক্তৰ দৰে উচ্চ প্ৰশাসনিক পদত অধিষ্ঠিত হৈও অলপো কুণ্ঠাবোধ নকৰাকৈ তেওঁক ডাম্পাৰত উঠি ঘূৰি ফুৰা দেখা গৈছে।

আনহাতে চেন্নাইৰ পৰা বিশেষ ড্ৰোণ আনি সেই ড্ৰোণেৰে বানাক্ৰান্ত লোকক ঘৰে ঘৰে খোৱাপানী আৰু খাদ্য সামগ্ৰী যোগান ধৰাৰো ব্যৱস্থা কৰিছে উপায়ুক্ত কীৰ্তি জলীয়ে। উপায়ুক্ত গৰাকীৰ এনে কৰ্মৰাজীৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছে শিলচৰবাসীয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেই নিজৰ দায়িত্ববোধৰ বাবে চৰ্চালৈ আহিছিল উপায়ুক্তগৰাকী। কোভিড কালত এদিনো ছুটী নোলোৱাকৈ তেওঁ গোপনে সম্পন্ন কৰিছিল তেওঁৰ বিবাহ।

শেহতীয়াকৈ বাৰিষাৰ প্ৰথমটো বানৰ সময়তো বোকা-পানী গছকি তেওঁ এগৰাকী সাধাৰণ মহিলাৰ দৰেই নিজৰ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লৈ ফুৰিছিল।