আনক হঁহুৱাই হঁহুৱাই নীৰৱে গ’লগৈ তেওঁ, জীৱন নাট সামৰিলে ‘দ্য কিং অব কমেডী’ ৰাজু শ্ৰীবাস্তৱে…

সকলোকে হহুঁৱাই হহুঁৱাই নিৰৱে গুচি গ’ল জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ।
মৃত্যুৰে যুঁজি যুঁজি অৱশেষত ২১ ছেপ্টেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাজনে।
ট্ৰেডমিলত খোজ কাঢ়ি থকা অৱস্থাত অসুস্থ হৈ পৰিছিল অভিনেতা গৰাকী।
হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেখেতক দিল্লীৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে, ব্যায়াম কৰি থাকোতে হৃ্দক্ৰিয়া বন্ধ হৈ কৌতুক অভিনেতাজন হঠাতে বাগৰি পৰিছিল আৰু মূৰ্ছা গৈছিল।
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পিছত, ৰাজু শ্ৰীবাস্তৱৰ মগজুও প্ৰভাৱিত হৈছিল, যাৰ ফলত তেওঁৰ মগজু ক্ষতিগ্ৰস্ত হৈছিল।
কেইবাদিনো ধৰি হাস্পতালৰ আই চি ইউত থকাৰ পাছত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানি চিৰ বিদায় ল’লে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

‘দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ’ৰ জৰিয়তে জনাজাত হোৱা ৰাজু শ্ৰীবাস্তৱে ‘দ্য কিং অব কমেডী’ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।
তাৰোপৰি ‘বিগ বছ ছীজন থ্ৰী’তো ভাগ লৈছিল ৰাজু শ্ৰীবাস্তৱে। ইয়াৰ লগতে বলীউডৰ কেইবাখনো চিনেমাতো অভিনয় কৰি গৈছে ৰাজুৱে। ‘মেইনে প্যাৰ কিয়া’, ‘বাজীগৰ’, ‘বোম্বে টু গোৱা’তো অভিনয় কৰিছিল।

উল্লেখ্য যে, ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম আছিল সত্যপ্ৰকাশ শ্ৰীবাস্তৱ।
গজোধৰ নামেৰেও অনুৰাগীসকলৰ মাজত জনপ্ৰিয় আছিল ৰাজু।
১৯৬৩ৰ ২৫ ডিচেম্বৰত কানপুৰত জন্মগ্ৰহণ কৰা ৰাজু শ্ৰীবাস্তৱে বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰি অৱশেষত সামৰিলে জীৱন নাট।
