আধৰুৱা হৈ ৰ’ল আৰক্ষীত চাকৰিৰ সপােন, অনুশীলনৰ সময়ত দুৰ্ঘটনাত প্ৰাণ গ’ল ধনশ্ৰীৰ

এক শােকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ’ল মেধাবী ছাত্ৰীৰ।

অসম আৰক্ষীৰ পৰীক্ষাৰ বাবে শাৰীৰিক অনুশীলন কৰাৰ সময়তে অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ’ল কামৰূপ জিলাৰ ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী ধনশ্ৰী দাসৰ।

এই ঘটনাক লৈ তীব্ৰ শোকৰ ছাঁ পৰিছে মহাবিদ্যালয়খনৰ লগতে বৃহত্তৰ ছয়গাঁও অঞ্চলটােত।

2-14

জানিব পৰা মতে, ছয়গাঁও থানাৰ অন্তৰ্গত কাৱৈমাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই দুৰ্ঘটনা সংঘটিত হয়।

নিহত ধনশ্ৰী দাস কাৱৈমাৰী নিবাসী নৃপেন দাসৰ কন্যা তথা ছয়গাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী।

ধনশ্ৰী দাসে সােমবাৰে সন্ধিয়া আৰক্ষী বিভাগত সাক্ষাৎকাৰ দিয়াৰ উদ্দেশ্যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অনুশীলন কৰি আছিল।

তেনে সময়তে অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। পিছত উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ নিয়া হয় যদিও তাতেই শেষ নিশ্বাস ত্যাগ কৰে ধনশ্ৰীয়ে।

মংগলবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত ধনশ্ৰীৰ মৃতদেহ ঘৰলৈ অনাৰ পিছত ছয়গাঁও মহাবিদ্যালয়ত এখন শোকসভা অনুষ্ঠিত কৰা হয়।

Leave a Comment