আধা ঘণ্টা ধৰি খুলিব পৰা নাছিল এম্বুলেন্সৰ দুৱাৰ! ভিতৰত আৱদ্ধ হৈ মৃত্যু চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত লৈ অনা ব্যক্তিৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ব্যক্তিজন। লগে লগে স্থানীয় লোকে ব্যক্তিজনক উদ্ধাৰ কৰি এম্বুলেন্সযোগে প্ৰেৰণ কৰিছিল হাস্পতাললৈ। কিন্তু হাস্পতালৰ সন্মুখত এম্বুলেন্সৰ দুৱাৰখন খোল নোখোৱাৰ বাবেই ভিতৰত মৃত্যুক সাৱটিবলগীয়া হয় আহত ব্যক্তিজনে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কোচিত। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদি এম্বুলেন্সৰ দুৱাৰ খুলি ব্যক্তিজনক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিব পৰা গ’লহেঁতেনে, তেন্তে তেওঁৰ জীৱন ৰক্ষা পৰিলহেঁতেন বুলি মন্তব্য কৰিছে সকলোৱে।

জানিব পৰা মতে, সোমবাৰে বিয়লি এক বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল কোচিৰ সমীপৰ ফেৰ’কৰ নিৱাসী কয়মন নামৰ ৬৬ বৰ্ষীয় ব্যক্তিজন।

koymon
আধা ঘণ্টা ধৰি খুলিব পৰা নাছিল এম্বুলেন্সৰ দুৱাৰ! ভিতৰত আৱদ্ধ হৈ মৃত্যু চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত লৈ অনা ব্যক্তিৰ 2

দুৰ্ঘটনাৰ পিছতে ব্যক্তিজনক লগে লগে এম্বুলেন্সযোগে এখন চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু হাস্পতালৰ সন্মুখত এম্বুলেন্সখনৰ পৰা ব্যক্তিজনক বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰাৰ সময়তে এম্বুলেন্সৰ দুৱাৰখন কাৰিকৰী বিসংগতিৰ বাবে আৱদ্ধ হৈ পৰে।

এম্বুলেন্সৰ চালক আৰু সহায়কে প্ৰায় আধা ঘণ্টা ধৰি দুৱাৰখন খুলিবলৈ চেষ্টা কৰিও ব্যৰ্থ হয়। অৱশেষত উপস্থিত আন সকলে এম্বুলেন্সৰ আইনা ভাঙি ভিতৰৰ পৰা দুৱাৰখন খুলিবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে মৃত্যু ঘটে গুৰুতৰভাৱে আহত কয়মনৰ।

ঘটনাক লৈ মৃতকৰ আত্মীয়ই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। চিকিৎসা মহাবিদ্যালয় আৰক্ষীয়ে এতিয়ালৈকে চিকিৎসালয়খনৰ পৰা ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিছে। একে সময়তে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জেও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে।