আতৰ ব্যৱসায়ীৰ ঘৰত ITৰ অভিযান, জব্দকৃত নগদ ধন গণিবলৈ সময় লাগিল কমেও ২৪ ঘণ্টা

নিউজ ডেস্ক। কানপুৰৰ এগৰাকী আতৰ ব্যৱসায়ীৰ ঘৰত সোঁত বৈছে নগদ ধনৰ। এই টকা এতিয়া ২৪ ঘণ্টা ধৰি গণিও শেষ কৰিব পৰা নাই আয়কৰ বিভাগে।

খবৰ অনুসৰি, কানপুৰৰ আতৰ ব্যৱসায়ী পীযুষ জৈনৰ ঘৰত বৃহস্পতিবাৰে অভিযান চলাইছিল আহমেদাবাদৰ ডিজিজিআই, জিএছটি চোৰাংচোৱা সঞ্চালকালয়ৰ দলে।

FHWBW-QVIAE-QKD

এই অভিযানকালত ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱাত অভিযানত আয়কৰ বিভাগকো চামিল কৰি লোৱা হয়।

তাৰ পিছতে দ্ৰুত গতিত চলা অভিযানত পীযুষ জৈনৰ ঘৰত স্ৰোত বয় নগদ ধনৰ।

photo-2021-12-24-11-22-47

আয়কৰ বিভাগে জব্দ কৰা বৃহৎ পৰিমাণৰ নগদ ধনখিনি ৰাখিবলৈ ৬টা প্ৰকাণ্ড টিনৰ বাকচৰ প্ৰয়োজন হৈছে। আনহাতে যোৱা ২৪ ঘণ্টা ধৰি গণিও শেষ কৰিব পৰা নাই এই নগদ ধন।

নোট গণনা কৰিবলৈ চাৰিটা যন্ত্ৰৰ প্ৰয়োজন হৈছে আয়কৰ বিভাগক।

উল্লেখ্য যে, পীযুষ জৈনৰ কনৌজ, কানপুৰৰ লগতে মুম্বাইতো আতৰ কোম্পানীৰ কাৰ্যালয় আছে।

আয়কৰৰ দ্বাৰা চলোৱা অভিযানত তেওঁলোকৰ ৪০ টাতকৈও অধিক কোম্পানীৰ সম্ভেদ পোৱা গৈছে।

FHWGKAk-UYAE9o-YR

কানপুৰত নিৰ্মিত অধিক সংখ্যক পান মচলাই পীযুষ জৈনৰ পৰা পান মচলাত ব্যৱহৃত সুগন্ধি ক্ৰয় কৰে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সমাজবাদী পাৰ্টীৰ বাবে পীযুষ জৈনৰ প্ৰতিষ্ঠানে আতৰ উৎপাদন কৰে।

লগতে চাওকঃ

SI ৰ বাছনি পৰীক্ষাত হাই-টেক্ পদ্ধতিৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী, ভাইৰেল ভিডিঅ’

Leave a Comment