আত্মবিশ্বাস! দুবছৰ পূৰ্বেই নিজৰ পঢ়া টেবুলত লিখি ৰাখিছিল- ‘CBSE টপাৰ ২০২২’, সপোন সাৰ্থক কৰি আজি দেশৰ ভিতৰতে উজ্বলি উঠিছে তানিয়া

নিউজ ডেস্কঃ প্ৰবল আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ লগতে সু পৰিকল্পনাই লক্ষ্যত উপনীত হোৱাত সহায় কৰিছিল এইবাৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা তানিয়াক।

উল্লেখ্য যে, চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৫০০ৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰা তানিয়াই নিজৰ লক্ষ্য বান্ধি লৈছিল দুবছৰ পূৰ্বেই। নিজৰ পঢ়া টেবুলৰ সন্মুখত ছাত্ৰীগৰাকীয়ে দুবছৰ পূৰ্বেই লিখি ৰাখিছিল দ্বাদশ শ্ৰেণীৰ পৰাক্ষীত শীৰ্ষস্থান লাভ কৰাৰ সপোনটো।

image 295
আত্মবিশ্বাস! দুবছৰ পূৰ্বেই নিজৰ পঢ়া টেবুলত লিখি ৰাখিছিল- 'CBSE টপাৰ ২০২২’, সপোন সাৰ্থক কৰি আজি দেশৰ ভিতৰতে উজ্বলি উঠিছে তানিয়া 4

যেতিয়াই পঢ়া টেবুলত বহিছিল, তেতিয়াই তানিয়াই মনত পেলাইছিল নিজৰ সপোনৰ কথা। আৰু অধিক দৃঢ়তাৰে তেওঁ পঢ়াত মনোনিৱেশ কৰিছিল। যাৰ পৰিণতিতে আজি দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি উজ্বলি উঠিছে বুলন্দচহৰৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰী তানিয়া সিঙে।

image 293
আত্মবিশ্বাস! দুবছৰ পূৰ্বেই নিজৰ পঢ়া টেবুলত লিখি ৰাখিছিল- 'CBSE টপাৰ ২০২২’, সপোন সাৰ্থক কৰি আজি দেশৰ ভিতৰতে উজ্বলি উঠিছে তানিয়া 5

ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন তানিয়াৰ। যিদৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান লাভৰ লক্ষ্যৰে তেওঁ আগবাঢ়িছিল, সেইদৰে ইউপিএছচিৰ পৰীক্ষাতো শীৰ্ষস্থান লাভৰ সপোনৰ কথা লিখি ৰাখিছে তানিয়াই।

ছাত্ৰীগৰাকীয়ে এখন কাগজত প্ৰিণ্ট কৰি পঢ়া টেবুলৰ সন্মুখত ওলোমাই ৰাখিছে নিজৰ সপোনখিনি। য’ত তেওঁ লিখি ৰাখিছে- ‘চিবিএছই টপাৰ ২০২২, ইউপিএছচি টপাৰ ২০২৭’।

সমান্তৰালভাৱে নিজক সোঁৱৰাই দিবলৈ তানিয়াই লিখি ৰাখিছে- ‘এৰি নিদিবা, কেৱল আগবাঢ়ি যোৱা।’

image 294
আত্মবিশ্বাস! দুবছৰ পূৰ্বেই নিজৰ পঢ়া টেবুলত লিখি ৰাখিছিল- 'CBSE টপাৰ ২০২২’, সপোন সাৰ্থক কৰি আজি দেশৰ ভিতৰতে উজ্বলি উঠিছে তানিয়া 6

ইয়াৰ ঠিক তলত হাতৰ আখৰেৰে কেইটামান অনুপ্ৰেৰণামূলক বাক্য লিখি তাৰ ঠিক তলতেই স্বাক্ষৰ কৰি ৰাখিছে তানিয়াই। নিজক প্ৰেৰিত কৰিবলৈ তেওঁ লিখি ৰাখিছে- “কঠোৰ পৰিশ্রম কৰা”, “তুমি জানা যে সকলোবোৰ তোমাৰ ওপৰত নিৰ্ভৰ কৰে”, “তুমি কি কৰিবা সেয়া নিশ্চিত কৰা’ ইত্যাদি।

নিজৰ একাগ্ৰতা আৰু মেধাৰ লগতে এটা সুপৰিকল্পনাৰে দেশৰ ভিতৰতে চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা তানিয়া সিঙৰ এই কাহিনীয়ে নিশ্চিতভাৱে আন বহু ছাত্ৰ-ছাত্ৰীকো নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।