ৰাষ্ট্ৰীয়
আতচবাজি কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৭ জন লোকৰ কৰুণ মৃত্যু…

আতচবাজি কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৭ জন লোকৰ কৰুণ মৃত্যু।
বৃহস্পতিবাৰে বিহাৰৰ ভাগলপুৰৰ এটা ঘৰত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
বিস্ফোৰণটো ফলত ৭ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি, ভাগলপুৰৰ এটা পৰিয়ালে বোমা প্ৰস্তুক কৰা কামৰ সৈতে জড়িত থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।
বিস্ফোৰণৰ ফলত আঘাতপ্ৰাপ্ত হোৱা লোক সকলক স্থানীয় এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইপিনে, বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত বিহাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে।