আজৱ! নিজৰ মটৰ চাইকেল নিজেই লুকুৱাই ৰাখি চুৰি হোৱাৰ অভিযোগ দিলে আৰক্ষীক, অৱশেষত…

এক আজৱ কাহিনী, নিজে পতা জালত ফচিলে নিজেই।

নিজৰ মটৰ চাইকেল নিজেই লুকুৱাই ৰাখি আৰক্ষীক চুৰি হোৱাৰ অভিযোগ দি নিজেই গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱক।

এই আজৱ ঘটনাটো সংঘটিত হৈছিল পশ্চিমবঙ্গৰ বনগাঁৱৰ গোপালনগৰ আৰক্ষী থানাৰ নাতিদঙ্গা অঞ্চলত।

অঞ্চলটোৰ গণেশ মণ্ডল নামৰ এগৰাকী যুৱকে নিজৰ বাইকখন লুকুৱাই ৰাখে আৰু বাইকখন চুৰি হোৱা বুলি আৰক্ষী চকীলৈ গৈ অভিযোগ দাখিল কৰে।

ঘটনাটোৰ তদন্ত কৰাৰ সময়তহে প্ৰকৃত ৰহস্য জানিব পাৰি আৰক্ষী বিষয়াসকল হতবাক হৈ পৰে। আৰক্ষীয়ে যুৱকজনৰ ঘৰৰ পৰাই চুৰি বাইকখন উদ্ধাৰ কৰে।

ইয়াৰ পিছতে মিছা এজাহাৰ দাখিল কৰাৰ অভিযোগত যুৱকজনকেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

গণেশে শুক্ৰবাৰে নিশা তেওঁৰ দেউতাক বিমল মণ্ডলৰ সৈতে আৰক্ষী চকীলৈ গৈ নিজৰ বাইকখন চুৰি হৈছিল বুলি লিখিত অভিযোগ দাখিল কৰিছিল। তেওঁ অভিযোগ কৰা অনুসৰি, গোপালনগৰ বজাৰৰ পৰা তেওঁৰ বাইকখন চুৰি হৈছিল।

অভিযোগটো পোৱাৰ পিছতেই , আৰক্ষীয়ে গোপালনগৰ বজাৰ এলেকাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰে। আৰক্ষীয়ে ফুটেজ চাই যুৱকজনে পিন্ধি থকা কাপোৰৰ ভিত্তিত কিছু সন্দেহ ওপজাত আৰক্ষীয়ে যুৱকজনক আৰক্ষী চকীলৈ লৈ আহে।

আৰক্ষীৰ নেৰানেপেৰা জেৰাত অৱশেষত ধৃত গণেশে আৰক্ষীৰ সন্মুখত গোটেই কথাটো স্বীকাৰ কৰে।

আৰক্ষীয়ে ইতিমধ্যে বাইকখন উদ্ধাৰ কৰে আৰু শনিবাৰে ৰাতিপুৱা গণেশক গ্ৰেপ্তাৰ কৰি বনগাঁও মহকুমা আদালতলৈ হাজিৰ কৰোৱাই।