আজৱ চুৰিকাণ্ড! সুৰংগ খান্দি ৰে’লৱে য়াৰ্ডৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল মেৰামতিৰ বাবে অনা ডিজেল ইঞ্জিন…

নিউজ ডেস্কঃ মেৰামতিৰ বাবে আনি ৰে’ল ষ্টেছনত ৰখাই থোৱা এটা ৰে’লৰ ইঞ্জিন চুৰি কৰি লৈ গ’ল চোৰে।

এনে এক আজৱ চুৰি কাণ্ড সংঘটিত হৈছে বিহাৰৰ বেগুছৰাইত।

সুংৰগ খান্দি অলপ অলপকৈ ডিজেল ইঞ্জিনটোৰ সকলো পাৰ্টছ খুলি চুৰি কৰি লৈ যায় চোৰে।

ৰেলৱে সুৰক্ষাৰ পৰিদৰ্শক পি এছ ডুবেয়ে জানিবলৈ দিয়া মতে, যোৱা সপ্তাহত বেগুছৰাইৰ গড়হাৰা য়াৰ্ডলৈ মেৰামতিৰ বাবে অনা হৈছিল এটা ডিজেল ইঞ্জিন।

কিন্তু আচৰিত ধৰণে য়াৰ্ডৰ পৰা সন্ধানহীন হয় ৰে’লৰ ইঞ্জিনটো।

ইয়াৰ পিছতে ৰে’ল বিভাগে বাৰাউনী থানাত এটা গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই এই চুৰি কাণ্ডৰ সৈতে জড়িত ৩ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, অভিযুক্ত কেইজনক সোধা-পোছা চলাই স্বীকাৰোক্তিৰ ভিত্তিত মুজাফ্ফৰপুৰ জিলাৰ প্ৰভাত নগৰ অঞ্চলৰ এটা আৱৰ্জনাৰ গুদামৰ পৰা উদ্ধাৰ কৰা হয় ৰে’লৰ ইঞ্জিনটোৰ কিছু অংশ।

গুদামটোৰ পৰা ৰে’লৰ অংশ ভৰ্তি ১৩ বস্তা উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। যাৰ ভিতৰত আছে ইঞ্জিনৰ অংশ, ভিনটেজ ৰে’লৰ ইঞ্জিনৰ চকা আৰু ৰে’লৰ অন্যান্য অংশ।

আৱৰ্জনাৰ গুদামটোৰ স্বত্বাধিকাৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ৰেলৱে সুৰক্ষাৰ পৰিদৰ্শক পি এছ ডুবেয়ে জানিবলৈ দিয়া মতে, চোৰে ৰে’লৱে য়াৰ্ডলৈ মাটিৰ তলেৰে সুৰংগ খান্দি এটা এটাকৈ অংশবোৰ বস্তাত ভৰাই চুৰি কৰিছিল।

আনহাতে কিছু মাহ পূৰ্বে বেগুছৰাইত সংঘটিত দলং চুৰিৰ ঘটনাৰ লগতো এই চুৰি ৰেকেটটো জড়িত থকাৰ সন্দেহ কৰা হৈছে।