
নিউজ ডেস্কঃ ছোৱালীৰ হোষ্টেলত প্ৰৱেশ কৰি মহিলাৰ কাপোৰ চুৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল এটা চোৰ।
হোজাই আৰক্ষীয়ে অভিযান চলাই লংকা থানাৰ অন্তৰ্গত উদালীৰ পৰা গ্ৰেপ্তাৰ কৰে গভাইত চোৰটোক।
ধৃত চোৰটোৰ নাম অমৰ ৰাজকুমাৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, এই চোৰটোৱে হোজাই চহৰৰ এটা ছোৱালী হোষ্টেলত প্ৰৱেশ কৰি চুৰি কৰিছিল মহিলাৰ কাপোৰ।
পৰৱৰ্তী সময়ত এই চুৰি কাৰ্যৰ তদন্ত কৰি আৰক্ষীয়ে বিচাৰি উলিয়ায় অমৰ ৰাজকুমাৰ নামৰ চোৰটোক।
তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।