আজৱ ঘটনা! মহানগৰীত চুৰি স্কুটীৰে সপত্নীক যাত্ৰা চোৰৰ, হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে মালিকলৈ প্ৰেৰণ কৰিলে ই-চালান…

নিউজ ডেস্কঃ চুৰি স্কুটীৰে সপত্নীক যাত্ৰা চোৰৰ, কিন্তু হেলমেট পৰিধান নকৰাৰ বাবে চালান প্ৰেৰণ কৰিলে আৰক্ষীয়ে।

এনে এক আচৰিত ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।

জানিব পৰা মতে, দুদিন পূৰ্বে গুৱাহাটীৰ ফাঁচী বজাৰৰ এটা বাসগৃহৰ পৰা চুৰি হৈছিল এখন স্কুটী।

ইয়াৰ পিছতে বৃহস্পতিবাৰে পানবজাৰ চেক পইণ্টৰ সমীপতে সেই স্কুটিখন প্ৰত্যক্ষ কৰে।

সেই সময়ত অৱশ্যে আৰক্ষীয়েও জনা নাছিল যে সেইখন এখন চুৰি স্কুটী।

স্কুটীখন চলাই আছিল এজন আদহীয়া ব্যক্তিয়ে। পিছফালে উঠি আহিছিল আন এগৰাকী মহিলা।

দুয়োজনে হেলমেট পৰিধান নকৰাৰ পৰিপ্ৰেক্ষিতত সেই সময়ত আৰক্ষীয়ে স্কুটী চালকক ৰখাবলৈ চেষ্টা কৰে যদিও দ্ৰুত বেগত স্কুটী চলাই পলায়ন কৰিবলৈ সক্ষম হয় ব্যক্তিজনে।

ইয়াৰ পিছতে আৰক্ষীয়ে পিছফালৰ পৰা স্কুটীখনৰ নম্বৰ প্লেটৰ এখন ফটো তুলি গাড়ীৰ মালিকলৈ ই-চালান প্ৰেৰণ কৰে।

আনহাতে সেই সময়তে স্কুটীখন চুৰি কৰা বুলি নিশ্চিত হয় আৰক্ষী।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।