আজৱ ঘটনা! নাটক চোৱাৰ বাবেই দুই ছাত্ৰক মৃত্যুদণ্ডৰ শাস্তি বিহিলে কিম জং উনে…

নিউজ ডেস্কঃ আজৱ নিয়ম-কানুনেৰে সমগ্ৰ বিশ্বৰ ভিতৰতে চৰ্চিত হৈ আহিছে উত্তৰ কোৰিয়া। সমান্তৰালভাৱে ৰাষ্ট্ৰখনৰ একনায়কত্ববাদী নেতা কিম জং উনকলৈও সৃষ্টি হৈ আহিছে বিতৰ্কৰ।

শেহতীয়াকৈ ৰাষ্ট্ৰখনৰ নৱজাতক সকলৰ নাম বোমা, মিছাইল আদি ৰখাৰ বাবে নিৰ্দেশ দি বিশ্ববাসীৰ ককৰ্থনাৰ সন্মুখীন হৈছিল কিম জং উন।

ইয়াৰ পিছতে এইবাৰ নাটক উপভোগ কৰাৰ বাবে দুগৰাকী ছাত্ৰক মৃত্যুদণ্ডৰ শাস্তি বিহি পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে একনায়কত্ববাদী কিমে।

জানিব পৰা মতে, চীন সাীমান্তৰ ৰিয়ানগাং প্ৰদেশৰ এখন হাইস্কুলৰ দুজন ছাত্ৰই শেহতীয়াকৈ দক্ষিণ কোৰিয়া আৰু আমেৰিকাত কেইবাটাও নাট্য অনুষ্ঠানত ভাগ লৈছিল।

সেই সময়ত কিশোৰ ছাত্ৰ দুজনে উপভোগ কৰিছিল দক্ষিণ কোৰিয়ান আৰু আমেৰিকান নাটক কেইবাখনো।

সেয়াই অপৰাধ আছিল ছাত্ৰ দুজনৰ। উত্তৰ কোৰিয়াই চিৰদিন শত্ৰুৰূপে গণ্য কৰি অহা দক্ষিণ কোৰিয়াৰ নাটক উপভোগ কৰাৰ অপৰাধতে দুয়োজনক ছাত্ৰক মৃত্যুদণ্ডৰ শাস্তি বিহে কিম জং উনৰ প্ৰশাসনে।

তাৰ পিছতে মৰুভূমিৰ মাজত ছাত্ৰ দুজনক থিয় কৰাই অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে।

মানৱ অধিকাৰ উলংঘনৰ এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।