fbpx
অসমীয়াৰাষ্ট্ৰীয়

আজৱ কাণ্ড! বেংকৰ লকাৰত জমা থোৱা কষ্টোপাৰ্জিত ধন কুটি শেষ কৰিলে উঁই পোকে, মূৰে-কপালে হাত দিছে গ্ৰাহকে…

নিউজ ডেস্কঃ কষ্টোপাৰ্জিত কিছু ধন বিপদৰ সময়ত কামত আহিব বুলি বেংকৰ লকাৰত ৰাখিছিল এগৰাকী গ্ৰাহকে।

কিন্তু প্ৰয়োজনত সেই ধন উলিয়াবলৈ লকাৰ খোলতেই মূৰে কপালে হাত দিবলগীয়া হ’ল গ্ৰাহকগৰাকীয়ে।

কিন্তু তেওঁৰ কষ্টোপাৰ্জিত টকাৰ বাণ্ডিলৰ আধা কুটি শেষ কৰিছিল উঁই পোকে। যাৰ বাবে এতিয়া সেই ধন মূল্যহীন হৈ পৰিছে তেওঁৰ বাবে।

আচৰিত যেন লাগিলেও এনে এক আজৱ ঘটনাই সংঘটিত হ’ল ৰাজস্থানত।

ৰাজস্থানৰ এটা পঞ্জাৱ নেশ্যনেল বেংকৰ শাখাত কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাৰ বাবেই লকাৰত জমা থকা ধন উঁইয়ে খাই নিঃশেষ কৰাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী গ্ৰাহকে।

অভিযোগ অনুসৰি, সুনীতা মেহতা নামৰ মহিলা গ্ৰাহকগৰাকীয়ে বিপদৰ সময়ত কামত আহিব বুলি তেওঁৰ কষ্টোপাৰ্জিত ২ লাখ ১৫ হাজাৰ টকা বেংকটোৰ লকাৰত জমা কৰি ৰাখিছিল।

কিন্তু শেহতীয়াকৈ মহিলাগৰাকীয়ে বেংকৰ লকাৰ খুলি ভিতৰত উঁই পোকৰ বাহহে দেখিবলৈ পায়।

ইতিমধ্যেই উঁইয়ে কুটি শেষ কৰিছিল তেওঁৰ জমা ধনৰ অধিকাংশ। বাকী থকা খিনিও তেতিয়ালৈকে ব্যৱহাৰ কৰাৰ যোগ্য হৈ নাছিল।

মহিলা গ্ৰাহকগৰাকীৰ জমা ধনৰ সৈতে ঘটা এই ঘটনাই চিন্তিত কৰি তুলিছে বেংকটোৰ আন গ্ৰাহক সকলকো।

জানিব পৰা মতে, বেংকটোৰ ইতিমধ্যে ২০-২৫টা লকাৰত উঁইয়ে বাস সাজিছে।

কিন্তু তৎসত্বেও বেংক কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে এই অকল্পনীয় পৰিস্থিতিত গ্ৰাহকক মানৱীয়ভাৱে বিবেচনা কৰা হ’ব বুলি বেংকটোৰ মেনেজাৰে কয়। তেওঁ কয় যে সমগ্ৰ ঘটনাৰ খবৰ বেংকৰ উৰ্ধতন কৰ্তৃপক্ষক দিয়া হৈছে।

অৱশ্যে গ্ৰাহকে এই ধন ঘূৰাই পাব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!