fbpx
অসমীয়াৰাষ্ট্ৰীয়

আজৱ কাণ্ড! বিয়াত উচ্চস্বৰত বজোৱা গান শুনি ক্ষুব্ধ হৈ পৰিল মৌমাখিৰ জাক, তাৰ পিছত… ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ বিবাহ অনুষ্ঠানত উচ্চস্বৰত বজোৱা গান শুনি ক্ষুব্ধ হৈ পৰা মৌমাখিৰ জাকৰ আক্ৰমণত আহত হ’ল বৰযাত্ৰী।

এনে এক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ বুলধনা জিলাত।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মৌমাখিৰ আক্ৰমণৰ এটা ভিডিঅ’।

দৰাচলতে বুলধনা জিলাত আয়োজিত এখন বিবাহত উচ্চস্বৰত ডিজে বজাই উল্লাসত মগন হৈ আছিল বৰযাত্ৰী।

কিন্তু এই উচ্চস্বৰ সহ্য কৰিব নোৱাৰি বৰযাত্ৰীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে পথৰ দাঁতিত বাস সাজি থকা এটা মৌমাখিৰ জাকে।

মৌমাখিৰ আক্ৰমণত দৰাসহ ২৪০ জন বৰযাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।

এই আজৱ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে।

Related Articles

Back to top button