অসমীয়াৰাষ্ট্ৰীয়

আজৱ কাণ্ড! পৰীক্ষাত ফেইল কৰি ইউটিউবৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ল ছাত্ৰ, বিচাৰিলে ৭৫ লাখ টকাৰ ক্ষতিপূৰণ, কিন্তু…

নিউজ ডেস্কঃ আজিকালি সামাজিক মাধ্যমৰ ব্যৱহাৰ এক নিচা হৈ পৰিছে।

বহুতে যদি সময় অতিবাহিত কৰিবলৈ ফেচবুক, ইউটিউব, হোৱাটছএপৰ দৰে সামাজিক মাধ্যমত সময় কটায়, তেন্তে আন একাংশই আকৌ নিজৰ জ্ঞান বৃদ্ধিৰ বাবে এনে সামাজিক মাধ্যমৰ আশ্ৰয় লয়।

কিন্তু বৰ্তমান সময়ত সামাজিক মাধ্যম ব্যৱহাৰৰ এটা অন্যতম বিৰক্তিদায়ক অভিজ্ঞতা হৈছে ভিডিঅ’ৰ মাজে মাজে আহি থকা বিজ্ঞাপনসমূহ।

কোনো এটা ভিডিঅ’ চাই ভাল লাগিলেই ভিডিঅ’টোৰ মাজত প্ৰদৰ্শিত হোৱা বিজ্ঞাপনে ভিউৱাৰ্ছৰ মনযোগ ভংগ কৰে।

এনে কাৰণতে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ল এজন ছাত্ৰ।

মধ্যপ্ৰদেশৰ পান্নাৰ নিৱাসী আনন্দ কিশোৰ চৌধুৰী নামৰ ছাত্ৰজনে ইউটিউবৰ বিৰুদ্ধে অভিযোগ তুলি ৭৫ লাখ টকাৰ ক্ষতিপূৰণ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰে আবেদন।

ছাত্ৰজনে আবেদনত উল্লেখ কৰা মতে, তেওঁ ইউটিউবৰ ভিডিঅ’ চাই অধ্যয়ন কৰিছিল।

কিন্তু ভিডিঅ’ সমূহৰ মাজে মাজে প্ৰদৰ্শিত হোৱা বিজ্ঞাপনে বাৰে বাৰে তেওঁৰ মনোযোগ ভংগ কৰাৰ বাবেই অৱশেষত ছাত্ৰজনে পৰীক্ষাত ফেইল মাৰিবলগা হয়।

যাৰ বাবে আনন্দই ৭৫ লাখ টকাৰ ক্ষতিপূৰণ গুগলৰ পৰা দাবী কৰে।

অৱশ্যে উচ্চতম ন্যায়ালয়ে ছাত্ৰজনৰ আবেদন ভিত্তিহীন বুলি অভিহিত কৰে।

এনে আবেদনে আদালয়ৰ সময় নষ্ট কৰাৰ বাহিৰে আন একো নকৰে বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে।

Related Articles

Back to top button