নিউজ ডেস্কঃ এগৰাকী শিক্ষাৰ্থীয়ে গুণগত শিক্ষা লাভ কৰে বিদ্যালয়ৰ শিক্ষকৰ পৰা।
কিন্তু ভাৰতত এনে অনেক শিক্ষকো আছে, যিয়ে ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰাটো দূৰৰে কথা, নিজেই এ বি চি ডি খন ভালকৈ নাজানে।
বহু শিক্ষকৰ সীমিত জ্ঞান বা অজ্ঞানতাই সময়ে সময়ে চৰ্চাও লাভ কৰি আহিছে।
কিন্তু এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী শিক্ষকৰ এক কাণ্ড। যিয়ে ইংৰাজীৰ দুটা শব্দ ‘পাছড আউট’ আৰু ‘পাছড আউট’ৰ মাজৰ পাৰ্থক্য খিনিও নাজানে।
২০১৯ চনত এগৰাকী ছাত্ৰীৰ ৰিপ’ৰ্ট কাৰ্ডত শিক্ষকজনে কৰা এনে ভুলে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।
সমান্তৰালভাৱে শিক্ষকজনৰ পুতৌজনক জ্ঞানৰ পৰিসৰেও হাঁহিৰ খোৰাক দিছে নেট ব্যৱহাৰকাৰীক।
অনন্ত ভান নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে ছাত্ৰীগৰাকীৰ ৰিপ’ৰ্ট কাৰ্ড।
Oh, lord
— Anant Bhan (@AnantBhan) March 27, 2023
Via FB pic.twitter.com/PApNboMp3X
য’ত ছাত্ৰীগৰাকীয়ে পৰীক্ষাত লাভ কৰা নম্বৰৰ তলত ‘টিচাৰ্ছ ৰিমাৰ্কছ’ত নিজৰ মন্তব্য সন্নিৱিষ্ট কৰিছে শিক্ষকজনে।
ভুল হ’ল ইয়াতেই। ৰিপ’ৰ্ট কাৰ্ডত শিক্ষকে ছাত্ৰীগৰাকী যে পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই কথা উল্লেখ কৰি ‘চি হেজ পাছড আউট’ লিখিব লাগিছিল যদিও তাৰ ঠাইত শিক্ষকে লিখিলে ‘চি হেজ পাছড এৱে’!
পাছড এৱে’ৰ অৰ্থ হৈছে মৃত্যু ঘটা। অৰ্থাৎ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীগৰাকী জীৱন্তে মৃত ঘোষণা কৰিলে বিদ্যালয়ৰ শিক্ষকে।
যাৰ বাবে শিক্ষকগৰাকীৰ জ্ঞানক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অনেকে। বহুতে লিখিছে- ‘পাছড আউট’ আৰু ‘পাছড এৱে’ৰ মাজৰ পাৰ্থক্য নজনা শিক্ষকে ছাত্ৰ-ছাত্ৰীক কিদৰে উন্নত শিক্ষা প্ৰদান কৰিব পাৰিব?