নিউজ ডেস্কঃ কামপুৰত প্ৰতিদিনে বৃদ্ধি পোৱা চোৰৰ সন্ত্ৰাসৰ মাজতে এইবাৰ সংঘটিত হ’ল এক আজৱ চুৰি কাণ্ড!
এইবাৰ ‘ভাগিন’ৰূপী চোৰে লুটি লৈ গ’ল ‘মামা’ৰ ব্যৱসায়িক প্ৰতিষ্ঠান।
চুৰি কাণ্ড সংঘটিত কৰি ‘মামা’ৰ বাবে দোকানৰ মজিয়াত লিখি থৈ গ’ল বিশেষ বাৰ্তা।
দৰাচলতে শুকুৰবাৰে নিশা সংঘটিত হয় এই আজৱ চুৰি কাণ্ড।
নিশা কামপুৰৰ পশ্চিম কাৱৈমাৰীত থকা বিপুল ৰাজখোৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে প্ৰৱেশ কৰি লুটি লৈ যায় নগদ ১৫ হাজাৰ টকাৰ লগতে বহু মূল্যবান সামগ্ৰী।
চোৰে কেৱল এই চুৰি কাণ্ড সংঘটিত কৰাতেই ক্ষান্ত নাথাকি বিপুল ৰাজখোৱাৰ বাবে দেৱালত লিখি থৈ যায় এক বাৰ্তাও।
লুটপাত চলাই ভাগিন ৰূপী চোৰে দোকানৰ মজিয়াত লিখি থৈ গ’ল, ‘মামা আমাক বেয়া নাপাবা’৷
ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।