আজৱ কাণ্ড! গেট খোলাত পলম হোৱাৰ বাবে কৰ্তব্যৰত গৃহৰক্ষী জোৱানক শিলেৰে আক্ৰমণ আৰক্ষী বিষয়াৰ, ৰাইজৰ প্ৰতিবাদ…

নিউজ ডেস্কঃ বোকাখাতত সংঘটিত হৈছে এক আজৱ ঘটনা।

গেট খোলাত পলম হোৱাৰ বাবেই কৰ্তব্যৰত এগৰাকী গৃহৰক্ষী জোৱানক আক্ৰমণ মহকুমা আৰক্ষী বিষয়াৰ।

SDPOৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী জোৱান ৰাজু টাইড।

ইফালে এই ঘটনাৰ পিছতে অভিযুক্ত আৰক্ষী বিষয়া ৰেণুকান্তলা শীতল কুমাৰৰ বিৰুদ্ধে এছডিপিঅ’ৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ ভুক্তভোগীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ।

আৰক্ষী বিষয়াগৰাকীৰ নিলম্বনৰ দাবীৰে সৰৱ বিভিন্ন দল-সংগঠনো।

অভিযোগ অনুসৰি, কাৰ্যালয়ৰ গেট খোলাত পলম হোৱাৰ বাবেই নিজৰ কোঠালৈ গৃহৰক্ষী জোৱান ৰাজু টাইডক মাতি পঠিয়াই আৰক্ষী বিষয়াগৰাকীয়ে।

তাত তেওঁ এটা শিলেৰে আক্ৰমণ কৰে গৃহৰক্ষী জোৱানজনক।

আক্ৰমণৰ পিছত আঘাতপ্ৰাপ্ত ৰাজু টাইডে আঁঠু লৈ ক্ষমা বিচাৰে যদিও তাৰ পিছতো উপৰ্যুপৰি আক্ৰমণ চলায় এছডিপিঅ’ ৰেণুকান্তলা শীতল কুমাৰে।

আনহাতে বিষয়াগৰাকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৃহৰক্ষী জোৱানক পৰিয়ালক অৱগত নকৰাকৈয়ে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাটলৈ।

স্থানীয় ৰাইজ আৰু দল-সংগঠনে এই ঘটনাৰ বিৰদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ডিজিপি জি পি সিঙে গোলাঘাটৰ আৰক্ষী অধীক্ষকক এই ঘটনাৰ তদন্ত কৰি তিনিদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।