অসমীয়াৰাষ্ট্ৰীয়

আজৱ কাণ্ড! কাৰাবন্দী হৈ থাকি শাৰীৰিক সম্ভোগৰ পৰা বঞ্চিত, দোষমুক্ত হোৱাৰ পিছতে চৰকাৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ দাবী গণধৰ্ষণৰ অভিযুক্তৰ…

নিউজ ডেস্কঃ ঈশ্বৰৰ পবিত্ৰ দান শাৰীৰিক সম্ভোগৰ পৰা দুবছৰ ধৰি বঞ্চিত হৈ কাৰাগাৰৰ পৰা ওলাই আহিয়েই চৰকাৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিলে এজন গণধৰ্ষণৰ অভিযুক্তই।

মধ্যপ্ৰদেশৰ ৰতলামত সংঘটিত এই আশ্বৰ্যকৰ ঘটনাই এতিয়া হতচকিত কৰিছে সকলোকে।

গণধৰ্ষণৰ অভিযোগত নিৰ্দোষী প্ৰমাণিত হৈ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে মধ্যপ্ৰদেশ চৰকাৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰি আদালতৰ কাষ চাপিছে এজন যুৱকে।

জানিব পৰা মতে, ৰতলামৰ নিৱাসী কান্তিলাল ভিল (৩৫) নামৰ যুৱকজনক দুবছৰ পূৰ্বে গণধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে।

কিন্তু কাৰাগাৰত ৬৬৬ দিন পাৰ কৰাৰ পিছত অৱশেষত আদালতে কান্তিলালক গোচৰৰ পৰা দোষমুক্ত কৰি মুকলি কৰি দিয়ে।

ইয়াৰ পিছথে ২০২২ৰ অক্টোবৰত কাৰাবন্দী জীৱনৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ ওলাই আহে কান্তিলাল ভিল।

কিন্তু কাৰাগাৰৰ পৰা ওলায়েই যুৱকজনে তেওঁ কাৰাগাৰত পাৰ কৰিবলগীয়া হোৱা দুটা বছৰৰ ক্ষতিপূৰণ বিচাৰে।

তাতকৈও ডাঙৰ কথা- যুৱকজনে কয় যে চৰকাৰৰ ভুলৰ বাবেই তেওঁ দুবছৰৰ ধৰি কাৰাগাৰৰ ভিতৰত ‘ঈশ্বৰৰ পবিত্ৰ দান শাৰীৰিক সম্ভোগ’ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল।

ইয়াৰ উপৰিও তেওঁ দুবছৰ কাৰাবাস খাটিবলগীয়া হোৱাৰ ফলত তেওঁৰ মাতৃ, পত্নী আৰু সন্তান তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি দাবী কৰে।

এনে পৰিপ্ৰেক্ষিততে চৰকাৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰি গোচৰ ৰুজু কৰিছে কান্তিলাল ভিলে।

Related Articles

Back to top button