
নিউজ ডেস্কঃ প্ৰথমে কথাৰ কটাকটি। তাৰ পিছতে সৃষ্টি হ’ল হতাহতিৰ!
চলন্ত বিমানৰ ভিতৰত সংঘটিত হোৱা এখন তুমুল কাজিয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
দুজন যাত্ৰীৰ মাজত সৃষ্টি হোৱা বাক-বিতণ্ডাই তীব্ৰ কাজিয়াৰ ৰূপ ধাৰণ কৰাত স্তম্ভিত হৈ পৰে বিমান পৰিচাৰিকাসকলো।
দৰাচলতে এই ঘটনা সংঘটিত হয় বেংককৰ পৰা ভাৰত অভিমুখে উৰা মৰা থাই স্মাইলী এয়াৰৱেজৰ এখন বিমানত।
আকাশ মাৰ্গতে বিমানৰ ভিতৰত দুজন যাত্ৰীৰ মাজত প্ৰথমে কোনো কাৰণত বাক-বিতণ্ডা আৰম্ভ হয়।
ভাইৰেল ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, বাক-বিতণ্ডাৰ মাজতে এজন যাত্ৰীয়ে আনজনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। লগে লগে সেই যাত্ৰীজনৰ একাংশ বন্ধুৱেও যুৱকজনক চৰ, কিল শোধাবলৈ আৰম্ভ কৰে।
অৱশ্যে এই সমগ্ৰ সময়খিনিত আনজন যুৱকে কেৱল আক্ৰমণৰ পৰা নিজকে বচাবলৈ চেষ্টা কৰি থকাহে পৰিলক্ষিত হয়।
ইফালে দুয়ো যাত্ৰীৰ মাজত সংঘটিত এই অপ্ৰীতিকৰ ঘটনাৰ পিছত বিমান পাৰিচাৰিকা সকলে কাজিয়াখন ভাঙিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।
Bangkok To kolkata flight 😊🤨👇 pic.twitter.com/8KyqIcnUMX
— Munna _Yadav 💯%FB (@YadavMu91727055) December 28, 2022
পিছত দুয়োজন যাত্ৰীয়ে সৃষ্টি কৰা এনে হুলস্থূলীয়া পৰিৱেশৰ বাবে বিমানখনৰ অন্য যাত্ৰীৰ ওচৰত ক্ষমা খোজে পৰিচাৰিকাই।
সামাজিক মাধ্যমত এই কাজিয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
আকাশত চলন্ত বিমানৰ ভিতৰত এনেদৰে কাজিয়াত লিপ্ত হোৱা যুৱক দুজনৰ কাৰ্যক গৰিহণা দিছে সকলোৱে।