আজি হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ ওপজা দিন, ৪৯ বছৰত ভৰি দিলে জুবিনে…

আজি যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ ওপজা দিন।

১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোতে জুবিন গাৰ্গে জন্মগ্ৰহণ কৰিছিল।

১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি লাভ কৰে।

তাৰ পিছৰে পৰা অসমৰ সংগীত জগতৰ এৰাব নোৱাৰা অংগ হৈ পৰে জুবিন গাৰ্গ।

মৰমৰ শিল্পীজনৰ ওপজা দিনত অজস্ৰজনে হিয়া উজাৰি জনাইছে শুভেচ্ছা।

নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহৰ সন্মুখত ভিৰ কৰে অনুৰাগীয়ে।

শিল্পীগৰাকীয়ে বৰ্তমানলৈকে অসমীয়া, হিন্দী. বাঙালী, বড়ো, কোচ-ৰাজবংশি, কমতাপুৰী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী, আদি, গালো, মালায়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত কণ্ঠ নিগৰাইছে।

Image

জুবিনে একাধাৰে সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা, পৰিচালক, কবি হিচাপেওঁ জনপ্ৰিয়তা লাভ কৰে।

অসমীয়া সংগীতক চহকী কৰা জুবিনে কেইবাখনো অসমীয়া চিনেমাত অভিনয় কৰাৰ লগতে পৰিচালনা কৰি অসমীয়া ছবি জগতখনকো সমৃদ্ধ কৰিছে।

বঙালী চিনেমা ‘শুধু তুমি’ৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল।

হিন্দী চিনেমা গেংষ্টাৰৰ যা আলী শীৰ্ষক গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে।

ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰিছে।

আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হৈছে।

ওপজা দিনত কণ্ঠশিল্পীগৰাকীলৈ অলেখ-অযুত শুভকামনা।

Leave a Comment