আজি হাফলঙত ৰাজ্যিক কেবিনেটৰ বৈঠক, গ্ৰহণ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

আজি হাফলঙত ৰাজ্যিক কেবিনেটৰ বৈঠক।

ইতিমধ্যে সকলো মন্ত্ৰী ৰাওনা হৈছে পাহাৰীয়া জিলাখনলৈ।

এদিনৰ বাবে মিনি দিছপুৰলৈ ৰূপান্তৰ হবলগীয়া হাফলং চহৰক আটকধুনীয়াকৈ সজাই তোলা হৈছে।

পৰিষদৰ পাছতে DHACপৰিষদৰ বৈঠকো অনুষ্ঠিত হব।

ইতিমধ্যে কেবিনেট বৈঠকক কেন্দ্ৰ কৰি জিলাখনত উপস্থিত হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীকে ধৰি শীৰ্ষ বিষয়াসকল।

মঙ্গলবাৰৰ পৰাই জিলাখনলৈ আগমণ ঘটা অসম চৰকাৰৰ মন্ত্ৰীসকলে জিলাখনলৈ যোৱাৰ লগতে বৈঠকত অংশলৈ ঘূৰি অহাৰ সময়ত কেইবাখনো জিলা পৰিদৰ্শন কৰিব।

আনহাতে কেবিনেট বৈঠকত অংশ ল’বৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰৰ জৰিয়তে গুৱাহাটীৰ পৰা লামডিঙলৈ যায় আৰু তাৰ পৰা সতীৰ্থ কেইবাগৰাকীও মন্ত্ৰীৰ লগত গাড়ীৰে হাফলঙত গৈ উপস্থিত হয়।

দিনৰ ২-৩০ মিনিটৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কেইবাটাও চৰকাৰী অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে কেবিনেট বৈঠকৰ বাবে ডিমা হাছাওলৈ মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী তথা শীৰ্ষ বিষয়াৰ আগমণক কেন্দ্ৰ কৰি জিলাখনৰ সদৰ হাফলঙ মিনি দিছপুৰলৈ পৰিৱৰ্তন হৈছে।

আনহাতে জিলাখনৰ বাট-পথ আজিও সূচলৈ হৈ উঠা নাই। এনে অনেক সমস্যাৰ বাবে কেবিনেট বৈঠকৰ দিনটোতে আই পি এফ নামৰ সংগঠনটোৱে জিলাখনত ১২ ঘণ্টীয়া এক বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল। অৱশ্যে চৰকাৰে সংগঠনটোৰে সৈতে তেওঁলোকৰ সমস্যা সমাধাৰ বাবে আলোচনাৰ প্ৰস্তাৱ দিয়াত সেই বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে।

কেবিনেট বৈঠকতে ডিমা হাছাও জিলাখনলৈ বিশেষ পেকেজ ঘোষণা কৰাৰো সম্ভাৱনা আছে।

আনহাতে ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভতো এই কেবিনেট বৈঠকত গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Leave a Comment