আজি সুধাকণ্ঠৰ ৯৬ সংখ্যক জন্মবাৰ্ষিকী, সুধাকণ্ঠলৈ GOOGLEৰ বিশেষ শ্ৰদ্ধাঞ্জলি…

আজি ৮ ছেপ্তেম্বৰ।

আজি অসমৰ জাতীয় জীৱনৰ মহীৰূহ ড০ ভূপেন হাজৰিকা দেৱৰ ৯৬ সংখ্যক জন্মবাৰ্ষিকী।

১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়া জন্ম গ্ৰহণ কৰিছিল সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই।

তেওঁ একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল।

সুদীৰ্ঘ কাল কেৱল অসমৰেই নহয় বৰং সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ নয়নমণি স্বৰূপ ভূপেন হাজৰিকা দেৱৰ স্থিৰ ছবি ও ২০১৬ চনত ভাৰতীয় ডাক টিকটত ছপা হৈছিল।

image 55
আজি সুধাকণ্ঠৰ ৯৬ সংখ্যক জন্মবাৰ্ষিকী, সুধাকণ্ঠলৈ GOOGLEৰ বিশেষ শ্ৰদ্ধাঞ্জলি... 2

সমগ্ৰ ৰাজ্যবাসীয়ে তেখেতক অশ্ৰু নয়নেৰে স্মৰণ কৰা সময়তেই ৰাতিপুৱাই অসম বাসীৰ মুখত হাহি বিৰিঙাই গ’ল আন এটা খবৰে।

জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে ব্যৱহাৰ কৰিল সুধাকন্ঠ গৰাকীৰ ডুডল নিজৰ ৱেবছাইটত।