আজি শিল্পী দিৱসঃ নিজ জ্যোতিৰে জাতিক জ্যোতিস্মান কৰা ৰূপকোঁৱৰক স্মৰণ ৰাজ্যবাসীৰ…

আজি শিল্পী দিৱস।

প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি সুঁৱৰি উদযাপন কৰা হয় এই দিৱস।

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী৷

ৰাজ্যজুৰি এইজনা মহান মণিষীক সুঁৱৰি শিল্পী দিৱস পালন কৰা হৈছে।

সুন্দৰৰ সাধনাৰে অসমীয়া সংস্কৃতি-সাহিত্য তথা সমাজ জীৱনত অনন্য মাত্ৰা প্ৰদান কৰি জাতিস্কাৰ কৰি তুলিলে জ্যোতি প্ৰসাদ আগৰৱালাই৷

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ৷

তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ আছিল কিৰণময়ী আগৰৱালা৷ এক অভিজাত পৰিয়ালৰ সন্তান আছিল জ্যোতিপ্ৰসাদ৷

প্ৰথমাৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল যদিও ১৯৫৩ চনৰ ১৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে শিল্পীগৰাকীৰ সোঁৱৰণত গুৱাহাটী আৰু বৰপেটাত ‘শিল্পী দিৱস’ পালন কৰা হৈছিল।

সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড° ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে।

সোমবাৰে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পী দিৱসৰ আয়োজন কৰা হৈছে।

ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শিল্পী দিৱস।

এই অনুষ্ঠানতে ৫০গৰাকী শিল্পীলৈ চৰকাৰৰ শিল্পী পেঞ্চন, ১৫০গৰাকীলৈ বাৰ্ষিক শিল্পী পেঞ্চন, প্ৰয়াত ১৮গৰাকী শিল্পীৰ পত্নীলৈ ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। 

সমান্তৰালকৈ, তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমা নগৰ খেলপথাৰত দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন কৰিছে।

অসমীয়া সমাজ জীৱনত এক নতুন যুগৰ সূচনা কৰি মাত্ৰ ৪৮ বছৰ বয়সত ১৯৫১ চনৰ ১৭ জানুৱাৰীত ৰূপকোঁৱৰে ইহলীলা সম্বৰণ কৰে৷ এই চুটি জীৱন পৰিক্ৰমাত তেখেতে অসমখনক সমৃদ্ধ কৰি থৈ গৈছে।

Leave a Comment