fbpx
অসম

আজি শপত ল’ব অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই…

আজি শপত ল’ব অসমৰ নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।

দিনৰ ১১ বজাত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।

শপত বাক্য পাঠ কৰোৱাব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে।

উপস্থিত থাকিব মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

উল্লেখ্য যে, মঙলবাৰে অসমত উপস্থিত হৈছে নৱনিযুক্ত ৰাজ্যপাল গৰাকী।

সপত্নীক গুৱাহাটীত উপস্থিত হোৱা নৱনিযুক্ত ৰাজ্যপালগৰাকীক গুৱাহাটীত আৰদৰণি জনাই অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে।

অসমৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিবলগীয়া গুলাবচান্দ কাটাৰিয়াই ইয়াৰ পূৰ্বে ৰাজস্থানৰ গৃহ, গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বিৰোধী দলৰ দলপতিৰ ভূমিকাও পালন কৰিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!