আজি মুম্বাইত মুখ্যমন্ত্ৰীয়ে উদ্যোগপতি ৰতন টাটাক প্ৰদান কৰিব অসম বৈভৱ বঁটা

নিউজ ডেস্ক। আজি সন্ধিয়া মুম্বাইত দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাক অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান “অসম বৈভৱ” বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুম্বাইৰ হোটেল তাজত বিশিষ্ট উদ্যোগপতিগৰাকীক এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

1 1
আজি মুম্বাইত মুখ্যমন্ত্ৰীয়ে উদ্যোগপতি ৰতন টাটাক প্ৰদান কৰিব অসম বৈভৱ বঁটা 2

আনহাতে মুম্বাই ভ্ৰমণকালতে সদ্য প্ৰয়াত লতা মংগেশকাৰৰ বাসগৃহত উপস্থিত হৈ কোকিলকণ্ঠী গায়িকাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, যোৱা ২৪ জানুৱাৰীত ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুঠ ১৭ গৰাকী বিশিষ্ট ব্যক্তিক অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছিল।

অৱশ্যে এই বঁটাপ্ৰদান অনুষ্ঠানত ব্যক্তিগত কাৰণত উপস্থিত থাকিব পৰা নাছিল অসম বৈভৱ বঁটাৰ বাবে মনোনীত উদ্যোগপতি ৰতন টাটা আৰু অসম সৌৰভ বঁটাৰ বাবে মনোনীত দীপক চান্দ জৈন।

Leave a Comment