আজি ভাৰত বন্ধ…

আজি ভাৰত বন্ধ।

৪০টা সংগঠনৰ প্ৰতিবাদত অচল হ’ব সমগ্ৰ দেশ।

পুৱা ৬বজাৰ পৰা বিয়লি ৪বজালৈ ভাৰত বন্ধৰ ঘোষণা কৃষক সংগঠনৰ।

তিনি কৃষি আইনৰ বিৰোধিতাৰে আহ্বান জনোৱা হৈছে এই বন্ধৰ।

কেইবাটাও ৰাজনৈতিক সংগঠনে সমৰ্থন কৰিছে কৃষক সংগঠনৰ এই ভাৰত বন্ধৰ আহ্বানক।

ভাৰত বন্ধক সমৰ্থন জনাইছে কংগ্ৰেছ, আম আদমি পাৰ্টী, বাওপন্থী দল, ডি এম কে, আৰ জে ডি আদি ৰাজনৈতিক সংগঠনে।

অল ইণ্ডিয়া বেংক অফিচাৰ্চ কনফেডাৰেশ্যনেও সমৰ্থন জনাইছে এই ভাৰত বন্ধলৈ।

লগতে অন্ধ্ৰপ্ৰদেশৰ চৰকাৰেও সমুখৰ পৰাই সমৰ্থন কৰিছে কাইলৈৰ এই ১০ ঘণ্টীয়া ভাৰত বন্ধক।

ইয়াৰ লগতে আজি অসমতো চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সন্থাৰ।

গাড়ীৰ নথি-পত্ৰ বাবে ছমাহৰ অতিৰিক্ত সময় বিছাৰিছে সংগঠনটোৱে।

কৃষকৰ বন্ধলৈও সমৰ্থন জনাইছে মটৰ শ্ৰমিক সন্থাই।

Leave a Comment