আজি বিশাল কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব বাজপেয়ী ভৱন…

উদুলি-মুদুলি বশিষ্ঠৰ নৱ নিৰ্মিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়।আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব বাজপেয়ী ভৱন।
আটকধুনীয়াকৈ সজাই-পৰাই তোলা বশিষ্ঠস্থিত ছমহলীয়া অট্টালিকাটো অতি কম দিনতে নিৰ্মাণ কৰি উলিওৱাৰ পিছত আজি বিশাল কাৰ্যসূচীৰে কাৰ্যালয়টো উদ্বোধন কৰিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।
কাৰ্যালয় উদ্বোধনত জে পি নাড্ডাৰ লগতে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
কাৰ্যালয় উদ্বোধনৰ পিছতেই বিশাল কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিব অমিত শ্বাহ আৰু জে পি নাড্ডাই।
খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কাৰ্যাকৰ্তা সন্মিলনত অংশ ল’ব প্ৰায় ৪৫ হাজাৰ কাৰ্মকৰ্তাই।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকলক উপস্থিত থাকিব।
উদ্বোধনৰ পূৰ্বে বিজেপি কাৰ্যালয়ত জ্যেষ্ঠজনক সাদৰ-সম্ভাষণ জনায় চৰণ ধুৱাই আশীৰ্বাদ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।