আজি বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক বাজেট…

আজি বিধানসভাত দাখিল হ’ব ২০২৩-২৪ বৰ্ষৰ বাজেট।

অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।

এই বাজেট হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট।

বৃহস্পতিবাৰে অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটত কি কি থাকিব তাকে লৈ অধিক গুৰুত্ব থাকিব।

বাজেটক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল সংগঠনে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াইছে৷

লগতে বিৰোধীয়ে মূল্য বৃদ্ধিক লৈও প্ৰতিবাদ কৰা দেখা গৈছে।

জানিব পৰা মতে, এই বাজেট ১.২২ লাখ কোটি টকাৰ হ’ব।

এই নতুন বাজেটখনত ২৫ খন নতুন বাজেট, প্ৰতিটো সমষ্টিত একোখন বিজ্ঞানসন্মত হাইস্কুল অন্তৰ্ভুক্ত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

লগতে তেওঁ কয় যে, এই বাজেটত আটাইতকৈ বেছি শিক্ষাত বিনিয়োগ কৰা হ’ব।

উল্লেখনীয় যে,  প্ৰায় এমাহ জোৰ এক প্ৰস্তুতি তথা বিভিন্ন দল সংগঠনৰ ব্যক্তি তথা প্ৰতিষ্ঠানৰ পৰামৰ্শৰ ভিক্তিত এই বাজেট প্ৰস্তুত কৰা হৈছে।