অসম
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা…

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।
বতৰৰ বিধি পথালিৰ মাজতে ৰাজ্যৰ স্কুল-কলেজ- বিশ্ববিদ্যালয় সমূহত দেখিবলৈ পোৱা ব্যাপক উচাহ।
বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিছে ৰাজ্যৰ চৌদিশ।
কোৰোনাকেন্দ্ৰিক পৰিস্থিতি আৰু সেমেকা বতৰৰ বাবে পূজাৰ উল্লাহ কিছু হ্ৰাস পাইছে যদিও স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল-মাখল পৰিৱেশ।
দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে।
বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে।