আজি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিব কেন্দ্ৰীয় চৰকাৰৰ ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেট…

আজি সংসদত দাখিল হ’ব কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ বাজেট।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট।

মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এইখন অন্তিম পূৰ্ণাংগ বাজেট।

অহা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰৰ এয়া অন্তিমখন পূৰ্ণাংগ বাজেট।

সেইবাবেই আশা কৰা হৈছে যে এইবাৰ কেন্দ্ৰীয় বাজেটত ২০২৪ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডাঙৰ ঘোষণা হ’ব পাৰে।

বাজেট ২০২৩ৰ পৰা কৃষি, শিক্ষা, আয়কৰ আৰু চৰকাৰী আঁচনিৰ পৰা হোম লোণ, স্বাস্থ্য বীমা আদিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।

মঙলবাৰে দাখিল কৰা হয় প্ৰাক্ বাজেট অৰ্থনৈতিক সমীক্ষা।

অৰ্থনৈতিক সমীক্ষাত দেশৰ GDP বিকাশৰ হাৰ ৬.৫%লৈ নমাৰ সম্ভাৱনা। ৩ বছৰত সৰ্বনিম্ন হ’ব বিকাশৰ এই হাৰ। IMFৰ সমীক্ষাতো ভয়াৱহ ভৱিষ্যতৰ ইংগিত। ২০২৩ বৰ্ষত ২.৬%লৈ হ্ৰাস পাব বিশ্ব অৰ্থনীতিৰ বিকাশৰ হাৰ।

কেন্দ্ৰীয় বাজেটলৈ অপেক্ষা সমগ্ৰ ভাৰতবাসীৰ লগতে বিশ্ববাসীৰ।