আজি বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি, খানাপাৰাত বিশেষ অনুষ্ঠান…

এটা বছৰ সম্পূৰ্ণ কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে।

ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

বিগত এটা বছৰত বিজেপি চৰকাৰৰ কাম–কাজক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যৰ সাধাৰণ জনতাৰ মাজত।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ আঁচনিক লৈ সুখী একাংশ জনতা। মিছন বসুন্ধৰা, জলজীৱন মিছন, অৰুণোদয় আদিকে ধৰি বহু আঁচনিৰে ৰাইজৰ সমস্যা দূৰ কৰাৰ চেষ্টা চলাইছে চৰকাৰখনে। ড্ৰাগছৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবেও সন্তুষ্টি প্ৰকাশ কৰিছে জনতাই।

Himanta Biswa Sarma and the new language of politics - News Analysis News

কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনসাধাৰণক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ।

আনহাতে ২০২২ৰ ৩১মাৰ্চৰ লৈকে ১,০৮,৩৪৭.২৭কোটি টকাৰ ধাৰত পোত গৈ আছে বৰ্তমানৰ চৰকাৰখন। এটা বছৰতে ১৫,২৭১.২৭কোটি টকাৰ ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

Leave a Comment