অসম

আজি পবিত্ৰ ঈদ উজ জোহা, ৰাজ্যজুৰি আনন্দমুখৰ পৰিৱেশ…

আজি পবিত্ৰ ঈদ উজ জোহা।

প্ৰেম, ভাতৃত্ববোধ, ত্যাগৰ বাণীৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিছে পবিত্ৰ ঈদ।

ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত ই অন্যতম। 

এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, ছাগলী কোৰবানি দিয়ে।

কোৰবানিৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিছলাৰ মাজত আৰু ২য় ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ভাগ নিজৰ বাবে ৰখা হয়।

ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ঈদক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে।

ঈদগাহ মৈদামত ঈদৰ সমূহীয়া নামাজ আৰম্ভ হৈছে। 

এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, ভাতৃত্ববোধৰ বতৰা।

Related Articles

Back to top button