আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে।
আজি পুৱা ১০-৩০ বজাত সংসদৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ’ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠান।
দ্ৰৌপদী মুৰ্মু হ’ব দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি।
আনহাতে দ্ৰোপদী মুৰ্মু হ’ব দেশৰ আটাইতকৈ কনিষ্ঠতম ৰাষ্ট্ৰপতি।

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীক্ষ এন ভি ৰমন্নায় দ্ৰৌপদী মুৰ্মুৰ শপত বাক্য পাঠ কৰোৱাব।
ইয়াৰ পিছতেই ২১ জাঁই টোপধ্বনিৰে সন্মান জনোৱা হ’ব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক।
ইয়াৰ পিছতে তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীক সম্বোধন কৰিব।