আজি দিল্লীত অসমৰ ৫ আদিবাসী উগ্ৰপন্থী সংগঠনৰে হ’ব শান্তি চুক্তি।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হ’ব চুক্তি স্বাক্ষৰ।
ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে আদিবাসী বিদ্ৰোহী সংগঠনৰ নেতৃত্ব।
বিৰছা কমাণ্ডো ফ’ৰ্চ, আদিবাসী কোব্ৰা মিলিটেন্ছ অৱ আছাম, অল্ আদিবাসী নেচনেল লিবাৰেচন আৰ্মী, ছানটাল টাইগাৰ ফ’ৰ্চ, আদিবাসী পিপল্ছ আৰ্মীৰে হ’ব শান্তি চুক্তি।
অসম আৰক্ষীৰ বিশেষ শাখাৰ মুৰব্বী হীৰেণ নাথো উপস্থিত থাকিব।